গহপুৰৰ পূব বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

গহপুৰৰ পূব বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

৫৭সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি গহপুৰৰ পূব বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলে আজি এক সমদল উলিয়ায় ।

সমদলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গুৰুসকল চিৰ নমস্য, শিক্ষাগুৰুসকল জ্ঞানৰ পুজাৰী আদি শ্লোগান দি আকাশ-বতাহ কঁপাই তোলে ।

টকৌবাৰী অঞ্চলৰ বিভিন্ন গাঁৱৰ মাজেৰে উলিওৱা এই সমদলে শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব বুলি সচেতন ব্যক্তিসকলে মতপোষণ কৰিছে ।

আনহাতে, বিদ্যালয়খনৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনায় ।

Your Comments