তুলসীবাৰীত এন আৰ চিত ব্যাপক খেলিমেলি

nrc

ৰঙিয়াৰ তুলসীবাৰীৰ পালবস্তিত আজি এন আৰ চিৰ সজাগতামূলক এখন সভা অনুষ্ঠিত হয় । 
মহামান্য উচ্চতম ন্যায়ালয়ে এখন শুদ্ধ আৰু পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰি অসমৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ পৰিকল্পনা কৰাৰ সময়তে ৰঙিয়া বিধানসভা সমষ্টিৰ তুলসীবাৰীৰ পালবস্তিৰ ৰাইজে এন আৰ চি কেন্দ্ৰত বিসংগতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

তুলসীবাৰী পালবস্তি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ১৯৫১, ১৯৭১ চনৰ লিগেচী থকাৰ পিছতো বিদেশী ঘোষিত জাননী অহা বুলি আমাৰ আগত অভিযোগ উত্থাপন কৰে। আজি এন আৰ চিৰ বিসংগতি সম্পৰ্কত বিজেপি কৰ্মী চিপ্ৰা দাসে ক্ষোভ ব্যক্ত কৰি কয় যে উচ্চতম ন্যায়ালয়ে শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰি দীৰ্ঘদিনীয়া সমস্যা এটা সমাধানৰ চেষ্টা কৰাৰ সময়তে এন আৰ চিত জড়িত একাংশ বিষয়া-কৰ্মচাৰীয়ে সাধাৰণ মানুহক হাৰাশাস্তি কৰিবলৈ লৈছে।

 ১৯৫১, ৬৫, ৭১ চনৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ পিছতো বহু পৰিয়ালৰ নাম এন আৰ চিৰ খচৰাত প্ৰকাশ নোপোৱাত চিন্তিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক । কিছুমানৰ আকৌ ১৯৫১, ৭১, ৬৫ চনৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ পিছতো বিদেশী, ডি ভোটাৰ বুলি জাননী আহিছে ৷ এই ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । তথ্য-পাতি থকাৰ পিছতো এন আৰ চিত নাম নহাত ক্ষোভ ব্যক্ত কৰে ৷ এই ক্ষেত্ৰত চৰকাৰে সুস্থিৰ সিদ্ধান্ত লৈ হতাশগ্ৰস্ত ৰাইজক সহায় কৰি প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিৰ খচৰাত প্ৰকাশ কৰক বুলি চিপ্ৰা দাসে চৰকাৰক আহ্বান জনায় । বিজেপি কৰ্মীগৰাকীয়ে অঞ্চলবাসী ৰাইজে লাহে লাহে বিজেপি দলৰ প্ৰতি আস্থা হেৰুওৱা বুলি ক্ষোভ ব্যক্ত কৰে।
 
আনহাতে, ভুক্তভোগী এজনে ক্ষোভেৰে কয় যে এন আৰ চিৰ নথি পূৰণ কৰাত আমি মাতৃভাষা অসমীয়া বুলি ব্যৱহাৰ কৰাৰ পিছতো আমি লিখা ভাষাটো এন আৰ চি সেৱা কেন্দ্ৰই কাটি দিবৰ অধিকাৰ ক'ত পালে ৷ লগতে কয় যে অসমীয়া শিক্ষানুষ্ঠানত পঢ়ি অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ পিছতো আমাক মাহীআইৰ দৃষ্টিৰে চোৱাটো দুৰ্ভাগ্যজনক । চৰকাৰে যদি শুদ্ধভাৱে এন আৰ চি প্ৰকাশ নকৰে, ২০১৯ চনত হ'বলগীয়া লোকসভা নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে ।
 

Your Comments