অগপৰ কোকৰাঝাৰ জিলা কমিটীৰ ঘোষণা:বিটিচি নিৰ্বাচনত বিজেপিৰ নহয়,বিপিএফ প্ৰাৰ্থীৰ পক্ষত থাকিব ভোটদান

AGP

*ৰাইজ বিটিআৰ চুক্তি কৰা বিজেপি-ইউপিপিএলৰ হাতত ক্ষমতা তুলি নিদিব*

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে বিপিএফৰে বিজেপিৰ মিত্ৰতাত ফাঁঁট মেলাৰ পিছত এইবাৰ বিটিচিত অগপৰে মিত্ৰতাত ফাঁঁট মেলাৰ উপক্ৰম ঘটিছে বিজেপিৰ।

অগপৰ কোকৰাঝাৰ জিলা কমিটীয়ে বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি- ইউপিপিএলক ভোট নিদিবলৈ মুকলি আহ্বান জনাইছে ৰাইজক।লগতে কয়-"অগপৰ কোকৰাঝাৰ, চিৰাং জিলাৰ সমিতিৰ স্পষ্ট কথা-মিত্ৰতাৰ পক্ষে অগপ দলে নিৰ্বাচনত বিপিএফৰ পক্ষত ভোটদান কৰিব।মিত্ৰগোটৰ সদস্য হ'লেও বিজেপি দলৰ পক্ষত ভোটদান নকৰে।"

Pic

সংবাদ মাধ্যমলৈ প্ৰেৰণ এটা প্ৰেছ বিজ্ঞপ্তিত অগপৰ জিলা সমিতিখনে কয়-"সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অজনজাতীয় লোকক চৰকাৰী ভূমিৰ পৰা বিতাৰিত কৰিব খোজা বিতৰ্কিত বিটিআৰ চুক্তি স্বাক্ষৰকাৰী বিজেপি-ইউপিপিএলৰ হাতত ক্ষমতা তুলি নিদিবলৈ আহ্বান জনাইছোঁঁ।"

অগপৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাকিৰ হুছেইনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে বিজ্ঞপ্তিখন।

Your Comments