বিদায়ী লুৰীণে ক'লে-"অসম মাতৃৰ পূজাৰ বেদীত মোৰ পূজা সদায় থাকিব"

Pic

*ব্যক্তিগত চিন্তাৰে পৰিচালিত নহওঁ, সেয়া স্পষ্ট*

আৱেগিক পৰিৱেশত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিক বিদায় গ্ৰহণ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ।গুৱাহাটী বিশ্ববিদ্যালয়ত 'আছু'ৰ কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে বিদায় জনায় ছাত্ৰ নেতাগৰাকীক। আৱেগিক পৰিৱেশত বিদায় গ্ৰহণ কৰি লুৰীণে সোঁৱৰণ কৰিলে আছুৰ দীঘলীয়া যাত্ৰাৰ কথা।স্মৰণ কৰিলে শ্বহীদৰ কথা।"ছাত্ৰ সন্থাৰ আদৰ্শ,চিন্তা-চেতনা,জাতীয় দৰ্শনসমূহ পৰৱৰ্তী সময়ত মোৰ কামত দেখিবলৈ পাব।চিন্তা-চেতনা আদৰ্শ,জাতীয় দৰ্শনসমূহক কঢ়িয়াই লৈ ফুৰিম।আছুৱে দিয়া শিক্ষা, শক্তি বিভিন্ন ধৰণৰ জাতীয় চেতনা হ'ব মোৰ সমল।বিদায় দিয়াটো এটা প্ৰাকৃতিক নিয়ম,কিন্তু যাৰ ঠিকনা হৃদয়ত খোদিত কৰা হৈছে সেই ঠিকনা মোহাৰি পেলাবলৈ নোৱাৰি"- লুৰীণে কয়।

আজি লুৰীণজ্যোতি গগৈ হিচাপে চিনাকি দিয়াত ছাত্ৰ সন্থা, শিক্ষাগুৰু, মা-দেউতাৰ অৰিহনা আছে।পৰৱৰ্তী দিনত আছুক শক্তিশালী ৰূপত আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি গগৈয়ে কয়-"ছাত্ৰ সন্থাৰ মাজৰ পৰা অহা শক্তিয়ে দিনে-নিশাই কাম কৰাৰ প্ৰেৰণা দিয়ে।"

ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰি গগৈয়ে কয়-"অসম মাতৃৰ পূজাৰ বেদীত মোৰ পূজা সদায় থাকিব।কোনো কাৰণত আগতে কৰা ভুল বা ব্যক্তিগত চিন্তাৰে পৰিচালিত নহওঁ সেই কথা স্পষ্ট।অনিশ্চয়তাৰ ভৱিষ্যত দেখিও,সংকট-জটিলতাৰ পিছতো জাতিৰ বাবে জঁপিয়াই পৰিছোঁ।ব্যক্তিগত স্বাৰ্থ থকা হ'লে বহুত পথ আছিল,কিন্তু মই সেই পথ লোৱা নাই।সাহসেৰে আত্মপ্ৰত্যয়েৰে যি যাত্ৰা কৰিম- দেশ,জাতি আৰু সমাজৰ বাবে।"

বিদায় সভাৰ মুকলি মঞ্চত কা' আন্দোলনৰ সময়ত অসম ৰাইজে আইনী যুঁজৰ বাবে আগবঢ়োৱা টকা আছুৰ নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে লুৰীণে।ৰাইজে যি খামত যেনেদৰে ধনৰাশি আছু নেতাগৰাকীক আগবঢ়াইছিল,সেই খামতে তথ্য সহকাৰে ৫ লাখ ৫১হাজাৰ ১৫২টকা আছু নেতৃত্বক অৰ্পণ কৰে গগৈয়ে। ইফালে নতুন যাত্ৰাৰ কথা শীঘ্ৰে ঘোষণা কৰিব বুলিও গগৈয়ে কয়।

Your Comments