তামুলপুৰত দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ 

তামুলপুৰত দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ 

বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ লতিবাৰীত আজি বন বিভাগে এছ এছ বিৰ সহযোগত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে মিল আৰু বহু পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

গোপন সূত্ৰৰ পমখেদি আজি দিনৰ ভাগত এছ এছ বি আৰু বন বিভাগে লাতিবাৰীত অভিযান চলায় আৰু কাঠমিলসহ কাঠসমূহ জব্দ কৰে ।

তামুলপুৰত দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ 

অভিযানৰ খবৰ আগতীয়াকৈ লাভ কৰি এটা মিলৰ কিছু অংশ মিলৰ মালিকে লৈ উধাও হয় যদিও আন এটা মিল সম্পূৰ্ণৰূপে জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ ।

মাজে-সময়ে বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও অঞ্চলটোত বন্ধ হোৱা নাই কাঠফলা মিল ।

অৱশ্যে এই ক্ষেত্ৰত বন বিভাগ অধিক কঠোৰ হোৱা দেখা গৈছে ।

Your Comments