কৃষক বিক্ষোভক লৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Modi

কৃষক বিক্ষোভত উত্তাল ৰাজধানী। বিগত কিছুদিন ধৰি সেই ছবি সন্মুখলৈ আহিছে। এইবাৰ সেই বিক্ষোভক লৈ মুখ খুলিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

সোমবাৰে দেৱ দিপাৱলীকে ধৰি বহুকেইটা কাৰ্যসূচীত যোগ দিবলৈ বাৰাণসীত উপস্থিত হৈছিলগৈ নৰেন্দ্র মোদী।তাত গৈ এই বিষয়ক লৈ মুখ খুলিলে প্রধানমন্ত্রীয়ে ।

বাৰাণসীত ৬ লেনৰ প্রয়াগ-ৰাজ-বাৰাণসী ৰাষ্ট্ৰীয় ঘাইপথৰ প্রজেক্ট উদ্বোধন কৰে মোদীয়ে।তাতেই বক্তব্য প্ৰদান কৰি তেওঁ কয়, নতুন কৃষি আইনে কৃষকসকলক সুৰক্ষা দিব আৰু নতুন পথ মুকলি কৰি দিব ।

এতিয়ালৈকে খবৰ অহা অনুসৰি হাজাৰ,লাখ মানুহে প্ৰতিবাদ কৰা এই কৃষক বিক্ষোভত তিনিটাকৈ প্ৰাণ যোৱাৰ পিছতো কৃষক বিক্ষোভ প্রসঙ্গত মোদীৰ বক্তব্য আছিল, বিৰোধী পক্ষই উলিওৱা গুজবৰ ফল এই বিক্ষোভ।

Your Comments