প্ৰসংগ JEE কেলেংকাৰী,প্ৰদীপ কুমাৰে প্ৰথম ৰাতি আৰক্ষীৰ জেৰাত দিয়া বিস্ফোৰক স্বীকাৰোক্তি পঢ়ক

P Kumar

অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় যুটীয়া প্ৰৱেশিকা পৰীক্ষা (জে.ই.ই) কেলংকাৰীত গ্ৰেপ্তাৰ হোৱা ধৃত প্ৰদীপ কুমাৰে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য।গুৱাহাটীৰ আৰক্ষী জিম্মাত প্ৰথম দিনা ধৃত কুমাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিছে বহুতো নতুন নতুন তথ্য।নীল নক্ষত্ৰ দাসৰ হৈ পৰীক্ষাত বহাৰ বাবে লাভ কৰিছিল ২ লাখ টকা।ভাৰ্গৱ ডেকা আৰু কোম্পানীয়ে যোগান ধৰিছিল উক্ত টকা।

ধৃত কুমাৰে ২ ছেপ্টেম্বৰত প্ৰথম আহিছিল পৰীক্ষা দিবৰ বাবে।কিন্তু উক্ত দিনা পৰীক্ষা দিবলৈ নোৱাৰি উভতি গৈছিল।পৰৱৰ্তী সময়ত 
৪ ছেপ্টেম্বৰত পুনৰ আহিছিল গুৱাহাটীলৈ।বৰঝাৰ বিমানবন্দৰ সমীপৰ ৰুদ্ৰাক্ষ হোটেলত বাহৰ পাতি পৰীক্ষাত অৱতীৰ্ণ হৈছিল কুমাৰ।হোটেলৰ পৰা ভাৰ্গৱ ডেকাই কুমাৰক পৰীক্ষা কেন্দ্ৰলৈ লৈ  আহিছিল।পৰীক্ষাৰ শেষত পুনৰ বৰঝাৰত ভাৰ্গৱে বিদায় দিছিল প্ৰদীপক।

উল্লেখ যে গুৱাহাটী আৰক্ষীয়ে ১০ দিনৰ জিম্মাত লৈছে ধৃত প্ৰদীপ কুমাৰক।

Your Comments