ঘগ্ৰাপাৰত তিনিটা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিলে বিধায়ক অশোক শৰ্মাই 

Ashok Sarma

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৯ নৱেম্বৰঃ  

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন  খণ্ডৰ অধীনষ্ঠ দতৰা আৰু দেহাৰকুছি গাঁওপঞ্চায়ত এলেকাত আজি তিনিটাকৈ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই। আঁচনিকেইটাৰ শুভাৰম্ভণি কৰি বিধায়কগৰাকীয়ে নিজ ভাষণত কয় যে কংগ্ৰেছে বিগত ১৫ বছৰে শাসনৰ গাদীত থাকি উন্নয়নৰ পিনে পিছ দি কেৱল আধাৰশিলাৰ ৰাজনীতিতে আছিল।তেওঁলোকৰ শাসনকালত গ্ৰামাঞ্চলত কোনো ধৰণৰ উন্নয়ন নহ'ল।কংগ্ৰেছৰ শাসনকালত আধাৰশিলা স্থাপন কৰা কোনো এখন আঁচনিয়ে ৰূপায়ণ নহ'ল।সম্প্ৰতি আধাৰশিলা ফলকসমূহ।জংঘলে আগুৰি থকা দেখা গৈছে।এইদৰে মন্তব্য কৰি বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে আজি নলবাৰীৰ বিধায়ক অশোক শৰ্মা সৰৱ হৈ পৰে।লগতে বিধায়কগৰাকীয়ে বিগত ১৫ বছৰীয়া শাসনকালত গ্ৰামোন্নয়নৰ প্ৰতিটো আঁচনিতে মন্ত্ৰী-বিধায়কৰ পৰা নেতা -পালিনেতাসকলৈকে আটায়ে মিলি লুটৰাজ চলাইছিল বুলি মন্তব্য কৰে।বিধায়কগৰাকীয়ে আজি প্ৰথমে দতৰা পঞ্চায়তখনৰ অন্তৰ্গত ঘগ্ৰাপাৰ দামোদৰ ধাম পথ সংযোগী প্ৰভাত শৰ্মাৰ ঘৰৰ কাষৰ পৰা তৰুণ হালৈৰ ঘৰ সংযোগী চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ১০ লাখ টকা ব‍্যয় সাপেক্ষে চি চি ব্লক পথ।ইয়াৰ পিছত দেহাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰখালা বুঢ়াগোঁসাই থানৰ শিৱমন্দিৰৰ যাত্ৰী নিবাসৰ ঘৰটো বিধায়ক পুঁঁজিৰ অনুমোদিত ধনৰে নিৰ্মাণ কৰা আঁচনিটোৰ শুভাৰম্ভণি কৰাৰ লগতে উক্ত স্থানতে অৱস্থিত শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ যজ্ঞৰ ভোগঘৰ অসম দৰ্শন আঁচনিৰ অধীনত ১০ লাখ টকা ব‍্যয়ৰে নিৰ্মাণ হ'বলগীয়া আঁচনিখনৰ শুভাৰম্ভণি।কৰে।

Ghagrapar

আঁচনিকেইটাৰ শুভাৰম্ভণি কৰি বিধায়ক অশোক শৰ্মাই বৰখালাস্থিত বুঢ়াগোঁসাই শিৱ মন্দিৰৰ বাকৰিত সমাজকৰ্মী তথা প্ৰাক্তন শিক্ষাবিদ হৰিদেৱ ভট্টাচাৰ্যৰ সভাপতিত্ব    অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰসংগত কেন্দ্ৰ -ৰাজ‍্য চৰকাৰে গ্ৰাম্যঞ্চলৰ উন্নয়ন হকে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি আঙুলিয়াই দিয়ে।লগতে আঁচনিকেইখন নিৰ্মাণত যাতে কোনো দুৰ্নীতি-অনিয়ম সংঘটিত  নহয়,তাৰ বাবে ৰাইজক তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায়।লগতে বিধায়কগৰাকীয়ে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত উন্নয়নৰ ক্ষেত্ৰত কেৱল ৰাইজক প্ৰতাৰণা কৰাৰ বিপৰীতে বিজেপি চৰকাৰ ৰাজ‍্যত চাৰেচাৰি বছৰত পথ, দলং উন্নয়নকে ধৰি সকলো দিশত সম উন্নয়ন কৰা বুলি মন্তব্য কৰে।বিধায়ক শৰ্মাই নিজৰ ভাষণত কয় যে বিজেপি চৰকাৰৰ বিগত দিনৰ উন্নয়নমূলক কাম-কাজৰ বাবে আগন্তুক ২০২১ চনত পুনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বধীন চৰকাৰ হ'ব বুলি দাবী কৰে।আজিৰ এই কাৰ্য্যসূচীত বিধায়কগৰাকীক সংগ দিয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ  সম্পাদক  মনোজ ডেকা,প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ডেকা,দতৰা আৰু দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি মনিকা কলিতা,যোগেশ্বৰ শৰ্মা,কাউন্সিলাৰ ফণীধৰ 
লহকৰ আদিয়ে।

Your Comments