নগাঁৱৰ কলঙত টকাৰ উজান:উদ্ধাৰ হৈছে ১০,২০,১০০,৫০০ টকীয়া নোট

Kalang

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

শনিবাৰে দিনৰ ভাগত হঠাৎ নগাঁৱৰ আয়ুসৰেখা স্বৰূপ কলং নৈত হাজাৰ হাজাৰ টকা উটি অহা দৃশ্য‌ই ৰাইজক হতবাক কৰি তোলে।জানিব পৰা মতে,নগাঁও চহৰৰ পৰিবহণ নিগম কাৰ্যালয়ৰ সমীপৰ দলঙৰ তলত উদ্ধাৰ হৈছে বহুসংখ্যক টকা।এইদৰে  নোট কলঙত উটি অহা প্ৰত্যক্ষ কৰি স্থানীয় কেইবাজনো যুৱকে কলঙত সাতুৰি উদ্ধাৰ কৰে ১০,২০,১০০ আৰু ৫০০ টকীয়া নোট। ক’ৰ পৰা কেনেকৈ এইদৰে বৃহৎ পৰিমাণৰ ধন কলঙত উটি আহিল,তাক লৈ সৃষ্টি হৈছে যথেষ্ট  ৰহস্যৰ।একাংশ সচেতন লোকৰ মতে,কোনো দুৰ্নীতিগ্ৰস্ত বিষয়া অথবা ৰাজনৈতিক নেতাই আয়কৰ বিভাগৰ ৰোষত পৰাৰ ভয়ত এইদৰে কম মূল্যৰ ১০,২০,১০০ আৰু ৫০০ টকীয়া নোট কলঙত দলিয়াই দিছে।অৱশ্যে কোনে এই কাম সংঘটিত কৰিছে,তাক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।


 

Your Comments