তামুলপুৰত পুখুৰীত পৰি শিশুৰ সলিল সমাধি

তামুলপুৰত পুখুৰীত পৰি শিশুৰ সলিল সমাধি

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত শালমাৰাত পুখুৰীত পৰি এটি শিশুৰ সলিল সমাধি ঘটে ।

জানিব পৰামতে, শালমাৰ গাঁৱৰ অমুৰ আলীৰ জীয়াৰী আয়েচা ছিদ্দিকা নামৰ ৫ বছৰীয়া শিশুটি আজি আবেলি বিদ্যালয়ৰ পৰা আহি কিছু সময় খেল-ধেমালি কৰি  নিজ ঘৰৰ পুখুৰীত অকলে গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হয় ।

পৰিয়ালৰ লোকে চিকিংসালয়লৈ শিশুটো লৈ যায় যদিও চিকিংসকে মৃত বুলি ঘোষণা কৰে । শিশুটোৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

Your Comments