ছিপাঝাৰৰ বিজুলীবাৰীত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ

ছিপাঝাৰৰ বিজুলীবাৰীত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ

দৰঙৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত বিজুলীবাৰীত মঙলবাৰে দুপৰীয়া এডাল বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ হয় । বিজুলীবাৰীৰ ৰামু দাস নামৰ এজন ব্যক্তিৰ পদূলিত থকা এজাৰ গছত প্ৰত্যক্ষ কৰে অজগৰ সাপটোক ৷

লগে লগে গাঁৱৰ যুৱকসকলে গছৰ পৰা অজগৰ সাপটোক বিভিন্ন কৌশল অৱলম্বন কৰি নমাবলৈ চেষ্টা কৰে যদিও বিফল হয় । পিছত সাপটো গছজোপাৰ তলত থকা পুখুৰীত পৰাত পুখুৰীৰ পৰা ৰাইজে উদ্ধাৰ কৰে ।

লগে লগে উদীয়মান যুৱক জয়ন্ত নাথৰ সহযোগত কুৰুৱা আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ত অজগৰ উদ্ধাৰ হোৱাৰ খৱৰ দিয়া হয় যদিও বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে প্ৰায় ৩ ঘণ্টাৰ পিছত আহি অজগৰ সাপডাল লৈ যায় ।

বিজুলীবাৰীৰ লোকসকলে অজগৰ সাপডাল উদ্ধাৰ কৰি বন বিভাগক হস্তান্তৰ কৰা কাৰ্যত সচেতন প্ৰকৃতিপ্ৰেমী লোকসকলে ধন্যবাদ জনাইছে ।

Your Comments