আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত

আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে ইতিপূৰ্বে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী সংগঠনটোৱে সাময়িকভাৱে স্থগিত ৰাখিছে ৷

এই সন্দৰ্ভত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক কৰ্মেশ্বৰ ৰায়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সংগঠনটোৰ নেতৃত্বই উল্লেখ কৰা মতে, সোমবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আক্ৰাছুৱে অহা ১০ ছেপ্টেম্বৰৰ পৰা ঘোষণা কৰা ১০০ ঘণ্টীয়া সৰ্বাত্মক চকাবন্ধ কাৰ্যসূচীৰ লগতে অহা ২৭ ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিবলগীয়া অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী সংগঠনটোৱে সাময়িকভাৱে স্থগিত ৰাখিছে ৷

বিবৃতিটোত উল্লেখ কৰা মতে, যোৱা ২৭ আগষ্টত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু পৰ্যটন তথা জনজাতি উন্নয়ন বিভাগৰ মন্ৰী চন্দন ব্ৰহ্ম আৰু আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ প্ৰতিনিধি দল এটাৰ মাজত দিছপুৰৰ জনতা ভৱনত এখন বৈঠক অনুষ্ঠিত হৈছিল ৷

উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ  প্ৰতিনিধি দল তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আক্ৰাছুৰ প্ৰতিনিধি দলটোক অতি কম সময়ৰ ভিতৰতে পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্য মন্ত্ৰীগৰাকীৰ লগত আক্ৰাছুৰ আলোচনা অনুষ্ঠিত কৰিব আৰু মুখ্য মন্ত্ৰীৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ লগত যোগাযোগ স্থাপন কৰি ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

সেয়ে অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে দিয়া প্ৰতিশ্ৰুতিক আক্ৰাছুৱে সন্মান জনাই ইতিপূৰ্বে ঘোষিত সৰ্বাত্মক চকাবন্ধ আৰু অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী সংগঠনটোৱে অৱশেষত সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিবৃতিটোত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে ক্ষোভ প্ৰকাশ কৰি কয় যে বিজেপি শাসনাধিস্থিত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোক লৈ দীৰ্ঘদিনৰে পৰা বোকা ছটিওৱা ৰাজনীতি কৰি অহাৰ লগতে জনগোষ্ঠীটোৰ লোকসকলৰ আবেগৰ লগত খেলা কৰি বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে ৷

শাসনাধিস্থিত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ভুৱা প্ৰতিশ্ৰুতিৰে জনগোষ্ঠীটোক কৰা অন্যায় আৰু প্ৰতাৰণাক আক্ৰাছুৱে সহজভাৱে মানি নলয় ৷ নেতাদ্বয়ে অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত যদি অসম চৰকাৰৰ প্ৰতিনিধি দলে মুখ্য মন্ত্ৰীৰ সৈতে আক্ৰাছুৰ আলোচনা অনুষ্ঠিত নকৰে তেন্তে আক্ৰাছুৱে পূৰ্বে ঘোষিত আন্দোলনৰ কাৰ্যসূচীৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব আৰু বিজেপিবিৰোধী পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ৷

Your Comments