আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সাঁতোৰবিদ প্ৰজ্ঞান

আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সাঁতোৰবিদ প্ৰজ্ঞান

অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজিত গোলাঘাট জিলা আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সাঁতোৰবিদৰ সন্মান  লাভ কৰিবলৈ সক্ষম হৈছে প্ৰজ্ঞানজ্যোতি বড়োৱে ।

নুমলীগড় নগৰাঞ্চলৰ বাসিন্দা আৰু দিল্লী প্লাবিক স্কুল, নুমলীগড়ৰ ছাত্ৰ প্ৰজ্ঞানে প্ৰতিযোগিতাখনিত তিনিটাকৈ সোণৰ পদকসহ এটা ৰূপৰ পদক লাভ কৰি ৫নং দলীয় শাখাত শ্ৰেষ্ঠ সাঁতোৰবিদৰ সন্মান লাভ কৰে ৷

তেখেতৰ সাফল্যই জিলাখনৰ লগতে নুমলীগড়লৈ গৌৰৱ কঢ়িয়াই অনাত অঞ্চলটোত আনন্দৰ বন্যা বৈছে ।

Your Comments