হিমাচলৰ লাহৌলৰ এখন গাঁৱত এজন লোকক বাদ দি সকলো ক’ভিড আক্ৰান্ত

Himachal

হিমাচল প্ৰদেশৰ লাহৌলৰ থ’ৰাং গাঁৱত এজন ৫২ বছৰীয়া লোকক বাদ দি বাকী সকলো গাওঁবাসী ক’ভিড -১৯ ৰোগত আক্ৰান্ত হ’ল ৷ গোটেই ৰাজ্যখনৰ অনুপাতত সেইখন জিলাতেই সকলোতকৈ বেছি ক’ৰ’নাৰ প্ৰভাৱ পৰিছে ৷

থ’ৰাং গাঁৱত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানৰপৰা এই ৰোগ বিয়পে বুলি তথ্য পোৱা গৈছে ৷

হিমাচল প্ৰদেশ প্ৰশাসনে বৰ্তমান ৰাজ্যৰ পৰ্যটন কঠোৰ নিয়ম বান্ধি বন্ধ কৰি ৰাখিছে ৷ 

জানিব পৰা অনুসৰি গাওঁখনৰ মুঠ বাসিন্দাৰ সংখ্যা ৪২ জন আছিল আৰু তাৰে ৪১জন ৰোগত আক্ৰান্ত হয় ৷

Your Comments