ৰং-তুলিকাৰে অখিল গগৈক অংকন কৰি আটক অসমৰ তিনি চিত্ৰশিল্পী

Akhil Gogoi

*বিজেপিয়ে অখিল গগৈৰ ফটোলৈও ভয় কৰে-প্ৰাঞ্জল কলিতা*


কৃষক নেতা অখিল গগৈৰ প্ৰতিচ্ছবি দেৱালত ৰং-তুলিকাৰে অংকণ কৰাৰ বাবে বিজেপি চৰকাৰৰ চকুত দায়ী অসমৰ তিনিজন চিত্ৰশিল্পী।গুৱাহাটীৰ বশিষ্ঠ নিধি ভৱনৰ সন্মুখৰ দেৱালত বিগত ১১মাহে কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকীৰ চিত্ৰ অংকণ কৰাৰ বাবে বশিষ্ঠ আৰক্ষীয়ে বৃহস্পতিবাৰে আটক কৰে তিনি চিত্ৰশিল্পী  ধ্ৰুৱজিৎ, ৰাহুল আৰু প্ৰাঞ্জলক।উল্লেখ যে ৰং-তুলিকাৰে অখিলক চৰকাৰে গ্ৰেপ্তাৰ কৰা এখন ছবি অংকণ কৰিছিল।দিনটো থানাত তিনিওকে আটক কৰি ৰখাৰ লগতে অংকন কৰা ছবিখন আৰক্ষীয়ে মোহাৰি পেলায়।

গগৈৰ বিৰুদ্ধে আৰক্ষীৰ বৰ্বৰতা প্ৰকাশ কৰি সমগ্ৰ অসমজুৰি এনেধৰণৰ চিত্ৰ অংকণ কৰা হ'ব বুলি ঘোষণা কৰে অংগ আৰ্ট কলেক্টিভেটৰ সদস্যকেইজনে।

ইফালে,আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত তেওঁলোকে কয়-"দেশৰ যদি অন্য নাগৰিকৰ চিত্ৰ অংকন কৰিব পৰা যায়,তেন্তে অখিলৰ ছবি কিয় অংকণ কৰিবলৈ দিয়া নহয়।অখিলৰ চিত্ৰ অংকণ কৰাটো আমাৰ কি ভুল!আমিতো কোনো হুলস্থুল কৰা নাই।"

ইফালে,ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল কলিতাই কয়-"বিজেপি চৰকাৰৰ বাবে অখিলৰ ফটোও ভয়ৰ কাৰণ হৈছে।অখিল গগৈৰ চিত্ৰ অংকণ কৰিলেও ফেচিষ্ট বিজেপিৰ চকুত এতিয়া অপৰাধী।"

তাৎপৰ্যপূৰ্ণ যে আৰক্ষীয়ে আটক কৰি তেওঁলোকক কিয় অখিলৰ চিত্ৰ অংকণ কৰিছিলি বুলি প্ৰশ্ন কৰা বুলি আটক হোৱা চিত্ৰশিল্পীৰ দলটোৱে কয়।

Your Comments