কামাখ্যা মন্দিৰৰ কলচীত ১৯ কিলো সোণেৰে নতুন প্ৰলেপ

Maa Kamakhya

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত সচৰাচৰ চকুত পৰা বিষয়টো হ’ল মন্দিৰ-পূজা আদিৰ গুৰুত্ব বৃদ্ধি৷

Maa Kamakhya

কিছু সময়ত এনেও হোৱা পৰিলক্ষিত হ’বলৈ ধৰিছে যে বাকী সমস্যাসমূহলৈ পিঠি দি বাজেট কমাই হ’লেও মন্দিৰত সোণ-ৰূপৰ ব্যৱহাৰ কৰা হৈছে ৷ বহুজাতিক কোম্পানীবোৰেও এই ক্ষেত্ৰত যথেষ্ট টকা ব্যয় কৰা দেখা যায় ৷

Maa Kamakhya

শেহতীয়াকৈ গুৱাহাটীস্থিত ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ চূড়াত থকা কলচীত সোণৰ প্ৰলেপ লগাই সম্পূৰ্ণ কৰিলে আম্বানীৰ ৰিলাইন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড-এ। দুৰ্গা পূজাৰ আগৰপৰাই আৰম্ভ কৰা হৈছিল এই কাম ৷ মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি কলচীটোত ১৯ কেজি সোণৰ প্ৰলেপ দিয়া হৈছে ৷

ইতিমধ্যে এই কলচীৰ ওপৰত লগোৱা সোণৰ প্ৰলেপ ঢাকি ৰখা বস্ত্ৰখন আঁতৰাই অনুষ্টুপীয়া এটা অনুষ্ঠানেৰে ৰাইজৰ বাবে মুকলি কৰে ৷

Your Comments