নলবাৰী মেডিকেল কলেজত কৃষকৰ প্ৰতিবাদ

Protest

*মেডিকেল কলেজ নিৰ্মাণৰ বাবে দিয়া ভূমিৰ ধন তিনি বছৰে নোপোৱাৰ অভিযোগ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৮ নৱেম্বৰ:

ৰাজ্যৰ চৌদিশে এতিয়া প্ৰতিবাদৰ জোৱাৰ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি অহা প্ৰতিবাদৰ বিপৰীতে নলবাৰীৰ আজিৰ প্ৰতিবাদ আছিল অন্য ধৰনৰ । তিনি বছৰ পূৰ্বে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে  আধাৰশিলা স্থাপন কৰা নলবাৰী মেডিকেল কলেজৰ কাম প্ৰায় ৬০ শতাংশ সম্পূৰ্ণ । কিন্তু কলেজৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ গৰাকীয়ে আজি পৰ্যন্ত পাব লগীয়া প্ৰাপ্য নোপোৱাৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰিছে ।

জিলাখনৰ দক্ষিণগাওঁৰ সৰু বৰ খেতিয়কৰ ভূমি সমুহ মেডিকেল কলেজ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰিছিল চৰকাৰে । ভূমিৰ উচিত মূল্য বিচাৰি বাৰম্বাৰ গৰাকীয়ে বিভাগীয়ভাৱে যোগাযোগ কৰিও প্ৰাপ্য ধন নোপোৱাত ক্ষুব্ধ হৈ আজি মেডিকেল কলেজৰ সম্মুখতে প্ৰতিবাদত নামিল বঞ্চিত পৰিয়ালসমূহে।

Ghagrapar

লক্ষণীয়ভাৱে মেডিকেল কলেজখন স্থাপন কৰাৰ বাবে দক্ষিণ গাঁঁৱৰ কৃষকসকলৰ চল্লিশ বিঘা কৃষি ভূমি অধিগ্ৰহণ কৰি (প্ৰতি বিঘাত ৭ লাখ ৭০ হেজাৰকৈ) প্ৰায় তিনি কোটিৰো অধিক ধন দিবলৈ বাকী আছে । ভূমি অধিগ্ৰহণৰ প্ৰায় তিনি বছৰ অতিক্ৰম হৈ গ'ল, কিন্তু চৰকাৰ বা প্ৰশাসনে কৃষক সকলৰ প্ৰাপ্য ধন আদায়  নিদিয়াত এনেদৰে আজি  প্ৰতিবাদ সাব্যস্ত কৰিছে ভূমিৰ গৰাকীসকলে। প্ৰতিবাদকাৰী কৃষক আৰু কৃষকৰ পৰিয়ালৰ সদস্য সকলে মেডিকেল কলেজ খনৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাপ্য আদায়ৰ বাবে বিভিন্ন শ্লোগান দি প্ৰাপ্য ধন মুকলি কৰি দিয়াৰ দাবী জনায়।যাৰ ফলত দিনৰ ১১ বজাৰ পৰা আবেলি পৰলৈ মেডিকেল কলেজৰ নিৰ্মাণস্থলীলৈ অহা যান-বাহন বন্ধ হৈ পৰে। আবেলি ভাগত নলবাৰী পৰা এগৰাকী অতিৰিক্ত উপায়ুক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ সমস্যাটো ১৫ দিনৰ ভিতৰত সমাধান হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদকাৰী ক্ষান্ত হয়।

Your Comments