বঙাইগাঁৱত প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰতিবাদী  অৱস্থান 

বঙাইগাঁও

*সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত্যাকাণ্ড আৰু মিলন মহন্তক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ*

*সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰাজ্যপাল-মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ* 

বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাজ্যখনত বৃদ্ধি পাইছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ সাংবাদিকক পৰিকল্পিতভাৱে হত্যা কৰা, খুঁঁটাত বান্ধি আক্ৰমণ কৰাত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ৰাজ্যখনৰ সাংবাদিকসকল ৷ যাৰ বাবে সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছে।১৮ নৱেম্বৰত বঙাইগাঁৱতো সাংবাদিকসকলে এটা প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এগৰাকী নিৰ্ভীক, নিৰপেক্ষ আৰু সৎ সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত্যাকাণ্ড আৰু কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাৰ সাংবাদিক মিলন মহন্তক জুুৱাৰী-মাফিয়াই কৰা আক্ৰমণৰ প্ৰতিবাদত বৃহত্তৰ বঙাইগাও প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকসকলে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পুৱা এঘাৰ বজাৰ পৰা দিনৰ এক বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচীত সাংবাদিকসকলৰ উপৰিও জিলাখনৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদস্থলীত বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ, বিশিষ্ট অধিবক্তা তথা চিপিআই( এম) দলৰ নেতা হৰেশ্বৰ দাস , বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথ, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় , বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক বিকাশ বৰ্মন,বঙাইগাঁও জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি নীলমণি কলিতা, বঙাইগাঁও জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি নাৰায়ণ মেধি,প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তেজেশ ত্ৰিপাঠী আদিয়ে নিজৰ বক্তব্যত বিজেপি চৰকাৰৰ শাসন কালত এইদৰে সাংবাদিকৰ ওপৰত সংঘটিত আক্ৰমণ আৰু সাংবাদিক হত্যাৰ তীব্ৰ গৰিহণা দি সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।লগতে সাংবাদিত পৰাগ কুমাৰ দাসৰ পৰা পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দি ন্যায় প্ৰদান কৰাৰ বাবেও দাবী উত্থাপন কৰে ৷ সেইদৰে ৰাইজৰ পক্ষত থাকি সদায় শাসক পক্ষৰ লগতে বিভিন্নজনৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ উদঙাই দিয়া সাংবাদিকসকল আক্ৰমণৰ বলি হ'বলগীয়া হোৱা ঘটনা অশুভ লক্ষণ বুলি কৈ সাংবাদিকসকলে ইয়াৰ প্ৰতিবাদত সাময়িকভাৱে চৰকাৰৰ বা-বাতৰিসমূহ পৰিৱেশনৰ পৰা বিৰত থাকিব লাগে বুলিও বিভিন্নজন বক্তাই মত পোষণ কৰে ৷ আনহাতে, বঙাইগাঁও জিলা শিল্পী সমাজৰ সাধাৰণ সম্পাদক মনোৰঞ্জন বৰ্মনসহ শিল্পীসমাজৰ প্ৰতিনিধিসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ 'মানুহে মানুহৰ বাবে',আহ আহ ওলাই আহ,' আদি গীত পৰিৱেশনেৰে প্ৰতিবাদ জনায় ৷ ইফালে,প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ বৰ্তমান সময়ত ক্ৰমবৰ্ধমাণ হাৰত অসমৰ সংবাদ মাধ্যম, সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ওপৰত নিৰ্যাতন চলাই থকা হৈছে।সাংবাদিকসকলৰ ওপৰত বিভিন্ন প্ৰকাৰেৰে অত্যাচাৰ নমাই অনা হৈছে ৷ চৰকাৰখনে বিভিন্ন সময়ত সাংবাদিকৰ সুৰক্ষাৰ কথা কৈ আহিছে যদিও আমি এই মুহুৰ্তত অনুভৱ কৰিছো যে অসমৰ সংবাদ মাধ্যম,সাংবাদিক আৰু সংবাদকৰ্মীসকল কোনো কাৰণতে আৰু কোনোপধ্যে সুৰক্ষিত নহয়।কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰত সাংবাদিক পৰাগ ভূঞাৰ সংঘটিত পৰিকল্পিত হত্যাকাণ্ডৰ ঘটাই প্ৰমাণ কৰি থৈ গৈছে ৷ তদুপৰি,কামৰূপৰ সাংবাদিক মিলন মহন্তৰ ওপৰতো জুৱাৰী- মাফিয়াই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ৷ এইবোৰ ঘটনা সংঘটিত হোৱাৰ পিচতো ৰাজ্য চৰকাৰখনে অপৰাধী চক্ৰ তথা দুৰ্বৃত্তক মুহুৰ্তলৈকে কৰায়ত্ব কৰিবলৈ পৰা নাই।সেয়ে চৰকাৰৰ এনে স্থিতিয়ে প্ৰমাণ কৰিছে যে অসমৰ সংবাদিক আৰু সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনৰ কোনোপধ্যে সদিচ্ছা নাই ৷ সেয়ে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰখনক অসমৰ সংবাদকৰ্মী ,সাংবাদিক আৰু সংবাদ মাধ্যমৰ লগত জড়িত সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰক আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা অক্ষুন্ন ৰাখৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ৷ উল্লেখ্য যে প্ৰতিবাদী অৱস্থান কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা , সাংবাদিক হত্যা তথা সাংবাদিকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত সকলক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা আদিৰ দাবীত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ জিলা উপাযুক্তৰ জৰিয়তে পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

Your Comments