অকণিৰ কবিতা ঘৰৰ ডাকযোগে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন

অকণিৰ কবিতা ঘৰৰ ডাকযোগে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন

১৯৯৪ চনৰ ১ জানুৱাৰীত ৰহাত প্ৰতিষ্ঠা হোৱা অকণিসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ অন্যতম প্ৰাণকেন্দ্ৰ তথা ব্যতিক্ৰমধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ, অসমৰ কেন্দ্ৰীয় সমিতিয়ে চলিত বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিছে ৷

সেই উপলক্ষে বছৰজোৰা বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰি অহা ২১, ২২ আৰু ২৩ ডিচেম্বৰত ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ৰহা পুৰণা চাৰিআলিস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হ’বলগীয়া ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখনি ডাকযোগে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷

অকণিৰ কবিতা ঘৰৰ ডাকযোগে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন

গিৰিধৰ বৰাৰ সোঁৱৰণত আয়োজন কৰা এই চিত্ৰাংকন প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হ’ব ৷ "ক" শাখা- প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ, "খ" শাখা- পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু "গ" শাখা- নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৷

বিষয়সমূহ হ’ল ক্ৰমে "ক"শাখাত- প্ৰাকৃতিক দৃশ্য, "খ" শাখাত- আমাৰ পৰিবেশ আৰু "গ" শাখাত স্বচ্ছ ভাৰত অভিযান ৷ প্ৰতিযোগিতাৰ বাবে কোনোধৰণৰ ভৰ্তি মাচুল নাই ৷ প্ৰতিযোগীসকলে ছবিসমূহ ২৮×২০ ছেঃমিঃ জোখৰ ড্ৰয়িং পেপাৰত আঁকিব লাগিব ৷

অকণিৰ কবিতা ঘৰৰ ডাকযোগে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন

প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা ছবিসমূহ যিকোনো মাধ্যমৰ হ’ব পাৰিব ৷ ইচ্ছুক প্ৰতিযোগীসকলে তেওঁলোকৰ ছবিসমূহ অহা ১৫ নৱেম্বৰ, ২০১৮ৰ ভিতৰত "শিল্পীকা ষ্টোৰ, ৰহা পুৰণা চাৰিআলি, ডাকঘৰ- ৰহা, জিলা নগাঁও (অসম), পিন-৭৮২১০৩ ঠিকনাত পঠাবৰ বাবে বা ৯৮৫৪৯৮৩৮২৭/৯৪০১২০৯৫৯৬ নম্বৰত যোগাযোগ কৰিবলৈ অকণিৰ কবিতা ঘৰ, অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ৰণ্টু মুদৈয়ে আহ্বান জনাইছে ৷

উল্লেখ্য যে ভাৰতীয় জীৱন বীমা নিগমৰ নগাঁও শাখাৰ চেয়াৰমেন ক্লাবৰ সদস্য সুভাষ কুমাৰ বৰাই তেখেতৰ পিতৃ গিৰিধৰ বৰাৰ সোঁৱৰণত আগবঢ়োৱা এই চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ হ’ল ক্ৰমে "ক" শাখাৰ প্ৰথম পুৰস্কাৰ ১০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭০০ টকা, তৃতীয় পুৰস্কাৰ ৫০০ টকা

আৰু "খ’ আৰু "গ" উভয় শাখাৰ বাবে প্ৰথম পুৰস্কাৰ ১৫০০ টকা, দ্বিতীয় পুৰস্কাৰ ১০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৭০০ টকাৰ লগতে থাকিব একোখনকৈ মানপত্ৰ আৰু কিতাপৰ টোপোলা ৷

অকণিৰ কবিতা ঘৰৰ ডাকযোগে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন

প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলে ২২ ডিচেম্বৰৰ বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’বলগীযা বঁটা বিতৰণী অনুষ্ঠানত বঁটাসমূহ গ্ৰহণ কৰিব লাগিব ৷ অন্যথা ডাকযোগে প্ৰেৰণ কৰা নহ’ব বুলি প্ৰতিযোগিতা সমন্বয়ক পংকজ পাৰৈ আৰু সঞ্জয় কুমাৰ কাকতিয়ে জনাইছে ৷
 

Your Comments