দুৰ্নীতিগ্ৰস্ত শিক্ষকৰ নাম উঠিল কৃতী শিক্ষকৰ বঁটাত : মাজুলীত প্ৰতিক্ৰিয়া

দুৰ্নীতিগ্ৰস্ত শিক্ষকৰ নাম উঠিল কৃতী শিক্ষকৰ বঁটাত : মাজুলীত প্ৰতিক্ৰিয়া

৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ লগতে যোৰহাট আৰু মাজুলী জিলাক সামৰি যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদর্শক কাৰ্যালয়ে ঘোষণা কৰা জিলা কৃতী শিক্ষকৰ বঁটাৰ তালিকাত উজনি মাজুলীৰ এখন বিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত শিক্ষকে কৃতী শিক্ষকৰ বঁটা লাভ কৰাত মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

যোৰহাট জিলা বিদ্যালয়সমূহৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্যমতে, দুৰ্নীতিগ্ৰস্ত শিক্ষকগৰাকীয়ে আশ্চৰ্যজনকভাৱে কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে । উথাপিত অভিযোগমতে, কল্যাণ নিধিত জমা ৰখা তিনিগৰাকী শিক্ষকৰ সাঁচি থোৱা ধনৰ প্ৰায় লক্ষাধিক টকা কৌশলেৰে আত্মাসাৎ কৰে ।

এই ধন উদ্ধাৰৰ বাবে ভুক্তভোগী শিক্ষকসকলে বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো ঘূৰাই নিদিলে । তদুপৰি, ৰতনপুৰ মিৰি হাইস্কুল পৰীক্ষা কেন্দ্রত নিজৰ ভতিজাকৰ উত্তৰ বহী কৌশলেৰে পৰীক্ষা গৃহৰ পৰা উলিয়াই আনি অসৎ কাৰ্যত লিপ্ত হোৱাত পৰীক্ষা নিয়ন্ত্ৰকে ধৰা পেলায় আৰু পৰীক্ষাৰ্থী ভতিজাকজনক বহিষ্কাৰ কৰাৰ লগতে বৰ্তমান পৰ্যন্ত শিক্ষকজনক বহিষ্কাৰ কৰি ৰখা হৈছে ।

পিছে অতি লক্ষণীয়ভাৱে এনে দুৰ্নীতিগ্ৰস্ত শিক্ষকে কৃতী শিক্ষকৰ বঁটা লাভ কৰা ঘটনাই সমগ্ৰ মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষকৰ প্ৰতি দেখুওৱা নিষ্ঠা, সততাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জন্ম দিৱসটো শিক্ষক দিৱস হিচাপে পালণ কৰি শিক্ষাৰ প্ৰতি অনবদ্য অৱদান আগবঢ়োৱা শিক্ষকলৈ এই কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয় ৷

এই বঁটাৰ বাবে গঠন কৰা ছয়জনীয়া বাছনি সমিতিৰ ন্যস্ত স্বাৰ্থজনিত কাৰণ তথা ৰহস্যজনক কাৰণত এনে দুৰ্নীতিগ্ৰস্ত শিক্ষকলৈ বঁটাৰ বাবে নাম বাছনি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ।

এনেধৰণৰ অভিযোগ বিগত বৰ্ষবোৰতো উথাপিত হৈ আহিছে । উল্লেখ্য যে এইবাৰ এই বঁটাৰ বাবে মুঠ ২৫গৰাকী শিক্ষক নিৰ্বাচিত হৈছে ৷ আনহাতে, মাজুলীক জিলা ঘোষণা কৰা হ'ল যদিও মাজুলীৰ পৰা কৃতী শিক্ষকৰ বঁটা লাভ কৰা শিক্ষকসকলে এইবাৰ যোৰহাটতে বঁটা গ্ৰহণ কৰিব লাগিব ।

Your Comments