নগাঁৱৰ অসম আন্দোলনৰ নেতা-নাট্যকৰ্মী ডাঃ গিৰীন্দ্ৰ নাথ বৰাৰ পৰলোক

নগাঁৱৰ১অসম১আন্দোলনৰ১নেতা-নাট্যকৰ্মী১ডাঃ১গিৰীন্দ্ৰ১নাথ১বৰাৰ১পৰলোক

নগাঁৱৰ অসম আন্দোলনৰ নেতা, বিশিষ্ট নাট্যকৰ্মী, কবি তথা মানৱ অধিকাৰ কৰ্মী ডাঃ গিৰীন্দ্ৰ নাথ বৰাৰ সোমবাৰে গুৱাহাটীৰ এখন  ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ।

মৃত্যুৰ সময়ত বৰাৰ বয়স হৈছিল ৭২ বছৰ । বৰা দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত  হৈ আছিল । পেছাত এগৰাকী চৰ্মৰোগৰ বিশেষজ্ঞ আছিল ডাঃ গিৰীন্দ্ৰ নাথ বৰা । চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ সুন্দৰকৈ অসমীয়াত  সকলোৱে বুজি পোৱাকৈ লিখিছিল বৰাই ।

এগৰাকী অনুবাদকৰূপে পৰিচিত ডাঃ বৰা অৰুণোদয় সাহিত্যচ'ৰা আৰু বীণাপাণি নাট্য সমিতিৰ প্ৰাক্তন সভাপতিৰ উপৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত ৷ এগৰাকী সুদক্ষ নাট পৰিচালক হিচাপে পৰিচিত আছিল বৰা ।

তেখেতে বহুতো কাকত-আলোচনীত লেখা-মেলা কৰিছিল । মৃত্যুৰ সময়ত ডাঃ বৰাই পত্নীৰ উপৰি পুত্ৰ আৰু কন্যাক এৰি থৈ যায় । ডাঃ গিৰীন্দ্ৰ নাথ বৰাৰ মৃত্যুত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, উপায়ুক্ত বিশ্বজিত পেগু আদিৰ লগতে  অসম সাহিত্য সভাইও শোক প্ৰকাশ কৰে ।

Your Comments