আৰক্ষী, দল-সংগঠনৰ লগত গোপন মিতিৰালি : ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৰবৰাহ চোৰাং গৰু

আৰক্ষী, দল-সংগঠনৰ লগত গোপন মিতিৰালি : ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৰবৰাহ চোৰাং গৰু

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশলৈ সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে চোৰাং গৰু সৰবৰাহকাৰীয়ে নিতৌ অবৈধভাৱে সৰবৰাহ কৰি আহিছে গৰুভৰ্তি ট্ৰাক ৷

লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন পান্তৰ পৰা বছৰ বছৰ ধৰি বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে গৰুৰ চোৰাং ব্যৱসায় ৷ আৰক্ষী প্ৰশাসন আৰু একাংশ দল-সংগঠনৰ লগত গোপন মিতিৰালিৰে নিশা হ'লেই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি চোৰাং গৰু সৰবৰাহকাৰীয়ে দৈনিক শ শ গৰু উপযুক্ত নথি-পত্ৰ অবিহনে পাৰ কৰি আহিছে ৷

বিভিন্ন সময়ত গৰুৰ চোৰাং ব্যৱসায়ৰ কথা পোহৰলৈ আহিছে যদিও গৰুৰ চোৰাং ব্যৱসায় ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন ৷ উল্লেখ্য যে বিভিন্ন সময়ত আৰক্ষীয়ে গৰুভৰ্তি ট্ৰাক জব্দ কৰে যদিও আইনৰ সুৰুঙাৰে সাৰি গৰু সৰবৰাহকাৰীয়ে পুনৰ গৰুৰ ব্যৱসায় আৰম্ভ কৰে ৷

এখন বাহনৰ ক্ষমতাতকৈ অধিক গৰু ঠেঙত বান্ধি তথা পাণ জপা দি জাপি সৰবৰাহ কৰি আহিছে । ৰাইজৰ অভিযোগ, নিশা হ'লেই আৰক্ষী আৰু একাংশ দল-সংগঠনৰ নেতা-কৰ্মী ডকাইতৰ ৰূপত নামি পৰে বিভিন্ন মালভৰ্তি গাড়ীৰ পৰা অবৈধভাৱে গুণ্ডা কৰ সংগ্ৰহত ৷

উল্লেখ্য যে নিশা হ'লেই নাৰায়ণপুৰৰ একাংশ সংগঠনৰ নেতা-কৰ্মীয়ে গৰুভৰ্তি ট্ৰাক ৰখাই জব্দ কৰাৰ পৰিৱৰ্তে মোটা অংকৰ ধনৰ বিনিময়ত এৰি দিয়া পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্রত আৰক্ষীৰ ভূমিকাক লৈয়ো নাৰায়ণপুৰৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

পৰিবৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰে গৰুৰ ছিণ্ডিকেট ৰোধৰ ক্ষেত্রত কিবা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰিব নে এনেদৰেই আৰক্ষী প্ৰশাসনৰ লগতে একাংশ দল-সংগঠনৰ নেতাক মেনেজ কৰি গৰু সৰবৰাহকাৰীয়ে চলাই যাব ব্যৱসায় সেয়া সময়তহে লক্ষণীয় হ'ব ৷

Your Comments