মঙলদৈত আচম্বিতে ফাৰ্ণিচাৰ দোকান বন্ধ হোৱাৰ ৰহস্য কি ?

মঙলদৈত আচম্বিতে ফাৰ্ণিচাৰ দোকান বন্ধ হোৱাৰ ৰহস্য কি ?

মঙলদৈ চহৰত থকা ফাৰ্ণিচাৰ দোকানসমূহ আজি আচম্বিতে বন্ধ হৈ পৰাত এক ৰহস্যৰ গোন্ধ পোৱা গৈছে । দেওবাৰে এক চৰকাৰী কাৰ্যসূচী লৈ ৰাজ্যৰ বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দৰং জিলাত উপস্থিত হৈ এখন কাঠৰ দোকানত প্ৰৱেশ কৰি প্ৰায় দুই কোটি টকা মূল্যৰ অবৈধ কাঠ উদ্ধাৰ কৰা ঘটনাই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে ।

বন বিভাগৰ উচ্চস্তৰীয় বিষয়াসকলে এতিয়া মন্ত্ৰীৰ নিৰ্দেশত দৰং জিলাৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে । তেনে সময়তে কেঁচু খান্দিলে সাপ ওলোৱাৰ ভয়ত মঙলদৈ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মীয়ে দোকানসমূহ বন্ধ ৰাখিবলৈ গোপনে কোৱাত আজি স্বতঃস্ফূৰ্তভাৱে মঙলদৈ চহৰৰ ৩০খনৰো অধিক ফাৰ্ণিচাৰ দোকান বন্ধ হৈ পৰে ।

বন বিভাগৰ কৰ্মচাৰীৰ আশীৰ্বাদপুষ্ট এইসমূহ ফাৰ্ণিচাৰ দোকানৰ মালিকসকলে অবৈধভাৱে কাঠ সৰবৰাহ কৰি ব্যৱসায় চলাই থকাৰ অভিযোগ সঘনাই উত্থাপিত হৈ আহিছে ।

তেনে ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰি এনে ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়া বুলিহে অভিযোগ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিয়ে । আজি তাকেই প্ৰমাণ কৰিছে মঙলদৈৰ লগতে খাৰুপেটীয়া, ছিপাঝাৰ আদিৰ কাঠৰ দোকানসমূহ বন্ধ হোৱা ঘটনাই ।
 

Your Comments