মাজুলীত ৪ মাহতে খহিল ১.৭০ কোটিৰ পথ : ৰাইজে কৰিলে মেৰামতি

মাজুলীত ৪ মাহতে খহিল ১.৭০ কোটিৰ পথ : ৰাইজে কৰিলে মেৰামতি

মাত্ৰ চাৰি মাহতে বিধ্বস্ত হৈ পৰিল ১ কোটি ৭০ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা মাজুলীৰ পটিয়া-বুঢ়াকলিতা সংযোগী পথ । মাজুলী গড়কাপ্তানি বিভাগৰ অধীনত ৰূপায়ণ হোৱা এই প্ৰকল্পৰ দায়িত্ব লাভ কৰিছিল মাজুলীৰ জনৈক খনিকৰ উপাধিৰ ঠিকাদাৰে ।

দীৰ্ঘদিন ধৰি বিধ্বস্ত যাতায়াত ব্যৱস্হাই অঞ্চলত বিভিন্ন সমস্যা সৃষ্টি কৰি অহাৰ পিছত শেহতীয়াকৈ সংশ্লিষ্ট গড়কাপ্তানি বিভাগে উক্ত কোটিটকীয়া প্ৰকল্প ৰূপায়ণ কৰাৰ পৰিপ্রেক্ষিতত অঞ্চলবাসীৰ আশাৰ সঞ্চাৰ হৈছিল যদিও বিভাগৰ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ মাজত হোৱা গোপন বুজাবুজিৰ বাবে এজাক বৰষুণতে পটিয়া-বুঢ়াকলিতা সংযোগী পথৰ বুঢ়াকলিতা অংশত পেভাৰ ব্লকবোৰ উঠি গৈছে ।

বুঢ়াকলিতা অঞ্চলৰ অতি ব্যস্ত এই পথৰ বিধ্বস্ত হোৱা অংশটো মেৰামতি কৰাৰ বাবে স্হানীয় ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পাছতো গড়কাপ্তানি বিভাগে কোনো তৎপৰতা গ্ৰহণ নকৰা কাৰ্যত ক্ষুণ্ণ হৈ বুঢ়াকলিতা গাঁওবাসীয়ে আজি হাতে হাতে কোৰ, বস্তা লৈ পেভাৰ ব্লকখিনি পুনৰ নিৰ্মাণ কৰি লয় ।

Your Comments