বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৮.১০ কোটিৰ অনুমোদন

বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৮.১০ কোটিৰ অনুমোদন

'বৰপেটাৰোডৰ নিকটৱর্তী ছাফাকামাৰত হোৱা বেঁকী নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম অহা ডেৰ মাহৰ ভিতৰতে কৰা হ'ব । ইয়াৰ বাবে ইতিমধ্যে ৮ কোটি ১০ লাখ টকাৰ এটি অনুমোদন লাভ কৰা হৈছে ।'

বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে সোমবাৰে গোৱর্ধনাত স্থানীয় কেইবাটাও দল-সংগঠনৰ লগতে ৰাইজৰ উপস্থিতিত এই আশ্বাস প্রদান কৰে ।

উল্লেখ্য, বৰপেটাৰোডৰ কাষৰীয়া ছাফাকামাৰ অঞ্চলত বিগত কেইবাবছৰো ধৰি হৈ থকা গৰাখহনীয়াৰ ফলত সেই অঞ্চলৰ কেইবাশ লোকে ভেটি-মাটিসহ উছন হোৱাৰ উপৰি বিগত বৰ্ষৰ পৰাই সেই অঞ্চলক স্পর্শ কৰা তথা মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী বৰপেটাৰোড-বাঁহবাৰী গড়কাপ্তানি পথটো খহনীয়াৰ কবলত পৰি এইবেলি নিঃশেষ হৈছে ।

ফলত সেই অঞ্চলেৰে যাতায়াত পর্যন্ত বন্ধ হৈ পৰাৰ লগতে প্রায় ডেৰ কিলোমিটাৰ গড়কাপ্তানি পথটো যিদৰে অস্তিত্বৰ সংকটত ভুগিছে, তেনেদৰে বৰপেটা আৰু উত্তৰপৰীয়া ৰাইজৰ বাবে যমৰ যাতনা হৈছে ।

বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৮.১০ কোটিৰ অনুমোদন

ইতিমধ্যে এই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজৰ লগতে কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী লৈছে আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আন্দোলনৰো হুংকাৰ দিয়ে ।

এনে পৰিস্থিতিৰ মাজতে সোমবাৰে সন্ধিয়া গোৱর্ধনাৰ প্রগতি সংঘ প্ৰাংগণত গোৱর্ধনা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে নতুন আঁচনিৰ কথা সদৰী কৰে ৷

উল্লেখ্য যে বৃহত্তৰ গোৱর্ধনা অঞ্চলৰ খহনীয়া প্রতিৰোধৰ বাবে ইতিমধ্যে দুটাকৈ আঁচনি কার্যকৰী কৰাৰ বাবে উদ্যোগ লোৱাৰ পিছত শেহতীয়াকৈ ছাফাকামাৰৰ সমস্যাৰ বাবে জলসম্পদ বিভাগৰ এছ অ’ পি আঁচনিত ৮ কোটি ১০ লাখৰ এটি আঁচনিৰ প্রাথমিক অনুমোদন লাভ কৰাৰ লগতে অন্য এটা শিতানত ৪৭ কোটিৰ আঁচনি গ্ৰহণ কৰা বুলি সোমবাৰৰ সভাতে মন্ত্ৰী দাসে কয় ।

উল্লেখ্য, এই আঁচনিৰ অধীনত ছাফাকামাৰ অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ বাৰে জিঅ' বেগৰ লগতে কিছু ঢালাই কামো সম্পন্ন কৰা হ'ব আৰু এই আঁচনিখন নিবিদাৰ পিছতে পূজাৰ পূর্বে কাম আৰম্ভ হ'ব ।

অৱশ্যে ৪৭ কোটিৰ আঁচনিখন বর্তমানলৈ অনুমোদন হোৱা নাই যদিও সেই আঁচনিখনো ড’নাৰ মন্ত্রালয়ে অচিৰেই অনুমোদন জনাব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সদৰী কৰে ।

Your Comments