বইটামাৰীত জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে যাতায়াত দুখন গাঁৱৰ বাসিন্দাৰ

বইটামাৰীত জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে যাতায়াত দুখন গাঁৱৰ বাসিন্দাৰ

বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নৰ্থ বইটামাৰীৰ দেৱানগাঁও আৰু ধলাগাঁৱত টুনীয়া নৈৰ ওপৰত আছে দুখন জৰাজীৰ্ণ বাঁহৰ সাঁকো । টুনীয়া নৈৰ সিপাৰে থকা ধলাগাঁও-টিলাপাৰা আৰু দেৱানগাঁও-ৰাভাপাৰাৰ বাসিন্দাসকলে প্ৰতিদিনে এই জৰাজীৰ্ণ সাঁকো দুখন পাৰ হৈ যাতায়াত কৰি আহিছে ।

জৰাজীৰ্ণ সাঁকো পাৰ হওঁতে ইতিমধ্যে বহু লোকৰ মৃত্যুও ঘটিছে । বাৰিষা প্ৰায়েই জটিল পৰিস্থিতিৰ সম্মুখীন হয় গাঁও দুখনৰ লোকসকল । প্ৰায়েই বাৰিষা টুনীয়াৰ কোবাল সোঁতে সাঁকো দুখন উটুৱাই নিয়ে ।

সেই সময়ত আলৈ-আথানি নোহোৱা হয় লোকসকলৰ । প্ৰসূতিকে ধৰি আন বিভিন্ন বেমাৰী নৈ পাৰ হৈ ইপাৰলৈ চিকিৎসাৰ বাবে আহিব নোৱাৰাৰ বাবে যন্ত্ৰণাত চটফটাই থাকিবলগা হয় । বহু পৰিয়ালে ৩-৪ দিন পৰ্যন্ত লঘোণে-অনাহাৰে থাকে ।

নৈ পাৰ হৈ শিক্ষক যাব নোৱাৰাৰ বাবে দেৱানগাঁও-ৰাভাপাৰা প্ৰাথমিক বিদ্যালয়ত সেইসময়ত পাঠদান ব্যাহত হয় । বছৰ বছৰ ধৰি স্থানীয় ৰাইজে উক্ত দুঠাইত পকী দলঙৰ বাবে দাবী জনাই আহিছে যদিও স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্ত্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে ৩০ বছৰৰো অধিককাল সমষ্টিটোত একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ।

Your Comments