এথলুড চাহ বাগিচাত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আটছাৰ প্ৰতিবাদ

এথলুড চাহ বাগিচাত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আটছাৰ প্ৰতিবাদ

মহিলা শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে এথলুড চাহ বাগিচা । ডিব্রুগড় চহৰৰ সমীপৱৰ্তী বাগিচাখনত সোমবাৰে কৰ্মৰত অৱস্থাত নিজৰা ওৰাং নামৰ মহিলা শ্ৰমিকগৰাকী অসুস্থ হৈ পৰাত বাগিচাৰ হাস্পতালখনত ভৰ্তি কৰোৱা হয় ।

কিন্তু হাস্পতালত চিকিৎসকৰ অভাৱত মহিলা শ্ৰমিকগৰাকীৰ মৃত্যু হয় । ইপিনে আজি মহিলা শ্ৰমিকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এথলুড চাহ বাগিচাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

এথলুড চাহ বাগিচাত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আটছাৰ প্ৰতিবাদ

আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক লক্ষীন্দৰ কুৰ্মীৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰদান কৰে ।

স্মাৰক-পত্ৰখনত মৃত মহিলা শ্ৰমিকৰ পৰিয়ালক স্থায়ী চাকৰিৰ ব্যৱস্থা কৰা, নিজৰা ওৰাঙৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা, পৰিয়ালৰ লোকক পকী আৱাস দিয়াৰ ব্যৱস্থা কৰা, ক্ষতিপূৰণ আৰু চিকিৎসকজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । 

Your Comments