যমুনামুখত পৰিত্যক্ত অৱস্থাত তেজপুৰৰ চুৰি গাড়ী উদ্ধাৰ

যমুনামুখত পৰিত্যক্ত অৱস্থাত তেজপুৰৰ চুৰি গাড়ী উদ্ধাৰ

হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত নগঞাপাম কান্ধুলিমাৰী অঞ্চলৰ পৰা সোমবাৰে পৰিত্যক্ত অৱস্থাত এখন চুৰি গাড়ী যমুনামুখ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ কোনো গাড়ী চোৰ চক্ৰই গাড়ীখন এনেদৰে পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত থকা মহেন্দ্ৰ পিক্‌-আপ বাহনখন উদ্ধাৰ কৰি যমুনামুখ থানালৈ লৈ যায় ৷ বাতৰি অনুসৰি, যোৱা ৩ ছেপ্টেম্বৰত যমুনামুখ আৰক্ষীয়ে নগঞাপাম কান্ধুলিমাৰী অঞ্চলত এখন গাড়ী পৰিত্যক্ত অৱস্থাত থকা বুলি স্থানীয় উৎসৰ পৰা খবৰ লাভ কৰে ৷

লগে লগে আৰক্ষীয়ে ঠাইডোখৰত উপস্থিত হৈ গাড়ীখন উদ্ধাৰ কৰে ৷ গাড়ীখনত এম এল-১৩-৬৫১৩ নম্বৰৰ এখন ভুৱা নম্বৰ প্লেট লগাই থোৱা আছিল ৷ আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷

তদন্তত গাড়ীখনৰ প্ৰকৃত নম্বৰ পোহৰলৈ অহাত আৰক্ষীয়ে গাড়ীৰ প্ৰকৃত গৰাকীক খবৰ দিয়ে ৷ আৰক্ষীয়ে দিয়া তথ্যানুসৰি, গাড়ীখনৰ গৰাকী হ'ল গোলাঘাট জিলাৰ এলেংমূৰীয়া গাঁৱৰ গকুল দত্তৰ পুত্ৰ মৌচম দত্ত আৰু গাড়ীখনৰ প্ৰকৃত পঞ্জীয়ন নম্বৰ হৈছে এ এছ-০৩ বি চি-৩৩৬৪ ৷

বাতৰি অনুসৰি, গাড়ীখন যোৱা ১ ছেপ্টেম্বৰৰ নিশা তেজপুৰৰ পৰা চুৰি হৈছিল ৷ এটা কুখ্যাত গাড়ী চোৰ চক্ৰই গাড়ীখনৰ চালকৰ পৰা চুৰি কৰি লৈ গৈছিল ৷ এই সংক্ৰান্তত গাড়ীখনৰ গৰাকীয়ে তেজপুৰ আৰক্ষী থানাৰ অধীনত থকা বিহুঘূৰী উপ-আৰক্ষীচকীত এখন এজাহাৰ দাখিল কৰে ৷

তেজপুৰ আৰক্ষীয়ে ১৮২৮/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ৷ বাতৰি লিখা পৰলৈকে ঘটনা সংক্ৰান্তত কোনো লোকক আটক কৰা হোৱা নাই ৷

Your Comments