ভৱানীপুৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি 

বৰপেটাৰোড

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

অসমৰ অস্তিত্ব ৰক্ষাৰ '৮৩ ৰ গণ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুস্থলী ভৱানীপুৰ শ্বহীদ পাৰ্কত নিৰ্মাণ হ'ব লগা সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰস্তাৱিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়।পৰম্পৰাগত নৈৰ্বৈদ্য প্ৰদানেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ তথা সদৌ অসম শ্বহীদ সমন্বয় ৰক্ষা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰ,সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা তথা ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক ঠাকুৰীয়া,ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰী, ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/সাধাৰণ সম্পাদক,কৰ্মকৰ্তাসকল,ভৱানীপুৰ অঞ্চলৰ প্ৰায়সংখ্যক জ্যেষ্ঠ নাগৰিক আৰু ভালেসংখ্যক প্ৰাক্তন আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।               

Your Comments