গহপুৰত সদৌ অসম ভিত্তিত 'মিষ্টাৰ ছয়দুৱাৰ' প্ৰতিযোগিতা

গহপুৰত সদৌ অসম ভিত্তিত 'মিষ্টাৰ ছয়দুৱাৰ' প্ৰতিযোগিতা

শৰীৰ চৰ্চাৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে গহপুৰত ডনি প’ল’ বডী কেয়াৰৰ উদ্যোগত অহা ৭ অক্টোবৰত সদৌ অসম ভিত্তিত ‘মিষ্টাৰ ছয়দুৱাৰ’ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । 

ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭ অক্টোবৰৰ সন্ধ্যা ৫ বজাৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যিক পৰ্যায়ৰ বহু খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । 
ৱাব্বা ফেডাৰেচনৰ পৰিচালনাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযেগিতাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৫বাৰৰ মিঃ অসম, ৪বাৰৰ মিঃ নৰ্থ-ইষ্ট, ৩বাৰৰ মিঃ ইষ্ট ইণ্ডিয়া, ৩বাৰৰ মিঃ ইণ্ডিয়া, মিঃ ৱৰ্ল্ড ২০০৭ খিতাপ অৰ্জন কৰা প্ৰখ্যাত শৰীৰ চৰ্চাবিদ গৌতম কলিতা আৰু মিঃ ইণ্ডিয়া (২০১৭-১৮), মিঃ এছিয়া (২০১৮) গোলাপ ৰাভা।

ৰাজ্যৰ প্ৰায় ১০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগা প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্রত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে গহপুৰ বডী বিল্ডিং এছ’চিয়েচনৰ সভাপতি শোণিত হাজৰিকা আৰু সম্পাদক ৰাজীৱ কুটুমে ।

Your Comments