"আজমল,ধূতি-লুঙী লৈ ৰিপুন বৰা ব্যস্ত,গতিকে বাজেটৰ কাম দেখা নাই"-ডঃ হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

ৰাজ্যৰ বিজেপি চৰকাৰে দাখিল কৰা চাৰিখন বাজেটেই কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱা বুলি অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই কৰা সমালোচনাক প্ৰত্যুত্তৰ বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্ম্মাৰ।

"ৰিপুন বৰা মাটিৰ পৰা ওপৰত আছে,গতিকে কাম দেখা নাই।কংগ্ৰেছৰ এটা প্ৰতিনিধি দল আহি মোক লগ ধৰক নহ'লে তেওঁ মোক ঘৰলৈ নতুবা কংগ্ৰেছ বিধায়কৰ ঘৰলৈ মাতক,মই বাজেটৰ কিমান কাম হ'ল দেখুুুৱাই দিম।খতিয়ান চাই তেওঁ গৌৰৱ অনুভৱ কৰিব"- মন্ত্ৰী শৰ্মাই কয়।

বিজেপি চৰকাৰে ৯০ শতাংশ বাজেটৰ কাম সম্পূৰ্ণ কৰা বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়-"দুহাজাৰ কোটি টকাৰ কাম আজিৰ দিনত চলি আছে।সেইবোৰ তেওঁলোকৰ খবৰ নাই।তাৰ সলনি আজমল, ধূতি,লুঙী লৈ তেওঁলোক ব্যস্ত। 

"অৰুণোদয় আঁচনিৰ সমালোচনা কৰাটোৱে প্ৰমাণ কৰিছে ৰিপুন বৰাৰ মানসিকতা কিমান বহল।এই আঁচনিক সমালোচনা কৰি অসমৰ দৰিদ্ৰ মানুহক ভেঙুচালি কৰিছে"- শৰ্মাই কয়।

অৰুনোদয় আঁচনিক সমালোচনা কৰি অসমৰ ২০ লাখ মানুহৰ অভিশাপ বৰাই কিয় ল'বলৈ বিচাৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয়-"এনেই বেয়া দিন চলি আছে।২০ লাখ মানুহৰ অভিশাপ লাগিলে গাড়ী এক্সিডেণ্ট হৈ যাব।"

অৰুণোদয় আঁচনিৰ জড়িয়তে বিজেপিয়ে ভোট কিনিবলৈ বিচৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৰা মন্তব্যক উভতি ধৰি শৰ্মাই কয়-"জনীয়া, বাঘবৰ, জলেশ্বৰতো এই আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকক মই কি ভোট খুজিবলৈ যাম নেকি!"

গুৰুত্বপূৰ্ণ যে অহা ২২ নৱেম্বৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।"হিতাধিকাৰীৰ ঘৰে ঘৰে অৰুণোদয় আঁচনিৰ একোটা লগ' থাকিব।যাৰ মন যায়,সিয়েই আৰটিআই কৰিব পাৰিব।গতিকে,হিতাধিকাৰীসকলে ভুৱা তথ্য প্ৰমাণ দাখিল কৰি আঁচনিৰ সুবিধা নল'ব।অন্যথা আইনৰ আওতাত আহিব।"-মন্ত্ৰী শৰ্মাই কয়।

Your Comments