নলবাৰীৰ মৰমলগা কনমানীজনীক অকণমান সহায় কৰক

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩০ অক্টোবৰঃ

যোৱা শনিবাৰে এই মৰমলগা কণমানিজনীয়ে ঘৰতে খেলি আছিল৷খেলি থকা অৱস্থাত নাকেৰে তেজ ওলোৱা প্ৰত্যক্ষ কৰে মাক-দেউতাকে৷ কণমানিজনীক ততালিকে নলবাৰীৰ চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হ’ল৷তেজ পৰীক্ষাত ধৰা পৰিল যে কণমানিজনী ব্লাড কেন্সাৰত আক্ৰান্ত হৈ আছে।তাৰ পিছত মূৰত সৰগ ভাঙি পৰা পৰিয়ালটোৱে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰায়৷ এতিয়া কণমানিজনীৰ আইচিইউত চিকিৎসা চলি আছে৷নলবাৰীৰ বৰকুৰাত ভাড়াতীয়া হিচাপে থকা হেমন্ত ডেকাৰ পৰিয়ালটোৰ একমাত্ৰ ৫ বছৰীয়া কন্যাজনীৰ বেমাৰৰ খবৰটোৱে সকলোকে ব্যথিত কৰি তুলিছে।দেউতাকে জনোৱা মতে যিকোনো মূহুৰ্তত তাইক প্ৰয়োজন হ'ব পাৰে ভালেখিনি তেজ আৰু অৰ্থৰ।এতিয়া কণমানিজনীক সুস্থ কৰি তুলিবলৈ হৃদয়ৱান লোকৰ সহায়-সহযোগিতা কামনা কৰিছে পৰিয়ালটোৱে৷নিষ্পাপ কণমানিজনীক সুস্থ কৰি তুলি পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙোৱাৰ দায়িত্ব ৰাইজৰ।পিতৃ-মাতৃ এতিয়া অসহায়,দিশহাৰা।তেওঁলোকৰ চকুত কেৱল চকুলো।হৃদয়ৱান লোক,স্থানীয় বিধায়ক,স্বাস্থ্যমন্ত্ৰী,মুখ্যমন্ত্ৰী কিম্বা দল-সংগঠন--সকলোৰে ওচৰত এটাই প্ৰাৰ্থনা,এই মৰমলগা কনমানী জনী সুস্থ হৈ উঠিবলৈ সহায় সহযোগিতা আগবঢ়ায় যেন।যোগাযোগ:-হেমন্ত ডেকা,নলবাৰী৷ফোন নংঃ 8638502817।

Your Comments