বটদ্ৰৱা বলাৎকাৰ কাণ্ডত দোষী সাব্যস্ত জাকিৰ : ৭ ছেপ্টেম্বৰত শাস্তি ঘোষণা 

বটদ্ৰৱা বলাৎকাৰ কাণ্ডত দোষী সাব্যস্ত জাকিৰ : ৭ ছেপ্টেম্বৰত শাস্তি ঘোষণা 

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী নিৱেশৰ অন্তৰ্গত লালুংগাঁও বলাৎকাৰ কাণ্ডৰ শুনানি গ্ৰহণ কৰে নগাঁৱৰ সত্ৰ আদালতে । 

চলিত বৰ্ষৰ ২৩ মাৰ্চত জাকিৰ হুছেইন নামৰ একে গাঁৱৰে এজন যুৱকে এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি অতি নিৰ্মমভাৱে জীৱন্তে জ্বলাই দিছিল । 

ঘটনাটো ৰাজহুৱা হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু চূড়ান্ত শাস্তিৰ ব্যাপক দাবী উত্থাপন হৈছিল ৷ অভিযুক্তৰ বিৰুদ্ধে বটদ্ৰৱা থানাত ৰুজু হৈছিল ৬৪/১৮ নম্বৰৰ এটি গোচৰ ।
 
নগাঁৱৰ আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিৰ নেতৃত্বত গঠিত বিশষ তদন্তকাৰী দলে তৎপৰতাৰে অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰছিল ৷ 

এই গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া তৎপৰতাৰে সম্পন্ন কৰি আদালতত দাখিল কৰিছিল বিস্তৃত অভিযোগনামা ৷ জাকিৰ হুছেইনকে মূল অভিযুক্তৰূপে চিহ্নিত কৰি দাখিল কৰা হৈছিল সেই অভিযোগনামা ৷ 

নগাঁও জিলা সত্ৰ ন্যায়াধীশ ৰীতা ক'ৰৰ আদালতে আজি অভিযুক্ত জাকিৰ হুছেইনক উক্ত গোচৰত দোষী সাব্যস্ত কৰি ৰায়দান কৰে যদিও পিতৃ, মাতৃ আৰু ভনী জোঁৱায়েকক দোষমুক্ত কৰে ৷

আদালতে অহা ৭ ছেপ্টেম্বৰত অপৰাধী জাকিৰ হুছেইনৰ শাস্তি ঘোষণা কৰিব আদালতে ৷ 

নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে আজি জাকিৰক দোষী সাব্যস্ত কৰি ৰায়দান কৰাত উৎফুল্লিত হৈ পৰিছে নৃশংসতাৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে পৰিয়াল তথা বৃহত্তৰ বটদ্ৰৱা অঞ্চলবাসী ৷ অহা ৭ ছেপ্টেম্বৰত দোষী জাকিৰক ফাঁচিৰ হুকুম দিবলৈ দাবী জনাইছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী ৰাইজে ৷

Your Comments