নলবাৰী 'আছু'ৰ উদ‍্যোগত ঘগ্ৰাপাৰৰ কৃতীমানক ঘৰে ঘৰে অভিনন্দন 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৩ অক্টোবৰঃ

সদৌ অসম ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানৰ অংশস্বৰূপে শুকুৰবাৰে উচ্চতৰ মাধ্যমিক কলা শাখাত পঞ্চম স্থান লাভ কৰা মালবিকা ভৰদ্বাজে অধ্যয়ন কৰা ঘগ্ৰাপাৰৰ  এমবিচিয়াছ একাডেমীৰ অধ্যক্ষক শিক্ষানুষ্ঠানত আৰু মালবিকা ভৰদ্বাজৰ লগতে কলা শাখাৰ পৰা ধমধমাৰ লুইত একাডেমি জুনিয়ৰ কলেজৰ পৰা দশম স্থান লাভ কৰা মমিনা আখতাৰক নিজ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাই প্ৰেৰণ কৰা অভিনন্দন পত্ৰ, ফাইল ক'ভাৰ,স্মাৰক প্ৰদানেৰে  সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকা,উপ-সভাপতি উৎপল কলিতা,শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদ,বিত্ত সম্পাদক ধৰ্মেন্দ্ৰ বৈশ্য,সাংগঠনিক সম্পাদক বিশ্বজিৎ সাউদ,কাৰ্যনিৰ্বাহক সদস্য হীৰকজ্যোতি শৰ্মা আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নিবাৰণ মজুমদাৰ,ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ৰাজবংশী,সাধাৰণ সম্পাদক মুস্তাক হুছেইনৰ লগতে ভালেসংখ্যক ছাত্ৰকৰ্মীৰ উপস্থিতিত অভিনন্দন জ্ঞাপন কৰা হয়।

Ghagrapar

উল্লেখ্য যে এইবেলি ক'ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই এইবেলি বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে গৈ অভিনন্দন জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Your Comments