আল্লিয়াত মূল্যবৃদ্ধিৰ বিৰূদ্ধে ছাত্র সন্থাৰ প্রতিবাদ

Aasu Protest

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক ছাত্র সন্থাই ১৮ অক্টোবৰত  মূূল্যবৃদ্ধিৰ প্রতিবাদত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্রী ফণীভূষন চৌধুৰীৰ প্রতিমূৰ্তি দাহ কৰে।আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাস আৰু সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসৰ নেতৃত্বত আল্লিয়াৰ চক'ত অনুষ্ঠিত হোৱা প্রতিমূৰ্তি দাহ কাৰ্যসূচীত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ-সভাপতি কল্প ৰাজবংশী,সাংগঠনিক সম্পাদক মিলন দাস।কাৰ্য্যসূচীত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল হায় হায়,যোগান মন্ত্রী ফণীভূষন চৌধুৰী হায় হায়,মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নোৱাৰা অসম চৰকাৰ মুৰ্দাবাদ,বিজেপি গ'বেক আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।

Your Comments