শুৱালকুছিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

Bjp

*সকলো প্ৰত্যাহ্বান আঁঁতৰাই ২০২১ত বিজেপিয়ে সাফল্য অৰ্জন কৰাটো নিশ্চিতঃসাংসদ দিলীপ শইকীয়া*

মৃণাল ডেকা,শুৱালকুছি,১৮  অক্টোবৰ :

ভাৰতীয় জনতা পাৰ্টী এনে এটা দল,যিটো দলে সকলোৰে সমবিকাশ বিচাৰে ৷ ভাৰতভূমিত গণতন্ত্ৰ ধৰি ৰাখিব পৰা একমাত্ৰ দলটোৰ উত্থানত আজি বহু ৰাজনৈতিক দল শংকিত হৈ পৰিছে ৷ কংগ্ৰেছৰ দুৰ্নীতি,ভ্ৰষ্টাচাৰ, অপশাসন , ব্যভিচাৰ আদি নিৰ্মুল  কৰাৰ বাবেই ভাৰতীয় জনতা পাৰ্টীৰ জন্ম ৷ এই দলটোৱে উন্নতিৰ শিখৰত গৈ এতিয়া আকাশ চুব ৷ এই মন্তব্য সাংসদ তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ৷ দেওবাৰে জালুকবাৰী সমষ্টিৰ বস্ত্ৰনগৰী শুৱালকুছিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা যুৱ মৰ্চাৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে বিজেপিৰ গতি ৰুদ্ধ কৰিবলৈ একাংশ নতুন-পুৰণা ৰাজনৈতিক দলে যি কুছ-কাৱাজ চলাইছে,সেই সকলো প্ৰত্যাহ্বান আঁঁতৰাই ২০২১ চনত বিজেপি দলে পূৰ্বতকৈও অধিক সাফল্য অৰ্জন কৰিব বুলি দোহাৰে ৷ কিয়নো বিজেপি দলে ৰাইজৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ বাবেই বিগত দিনত অসমৰ যিকোনো নিৰ্বাচনতে সৰহ সংখ্যক বিজেপি দলৰ প্ৰাৰ্থী জয়ী হৈছে ৷ এই ক্ষেত্ৰত আমি সকলোৱে ঐক্যবদ্ধ হৈ দলৰ হকে কাম কৰিব লাগিব ৷ ঐক্যবদ্ধ শক্তিৰ গতি কোনোৱে স্তব্ধ কৰিব নোৱাৰে, বিভাজন ঘটাব নোৱাৰে আৰু কোনো শক্তিয়ে পৰাভূত কৰিবলৈ নোৱাৰে ৷ যুৱ শক্তি ৰাষ্ট্ৰীয় শক্তি বুলি উল্লেখ কৰি তেওঁ  যুৱ শক্তিক একত্ৰিত কৰি আমাৰ দল আগুৱাই যাব বুলি কয় ৷ নতুন প্ৰজন্মৰ পৰাই নেতৃত্ব দিব পৰা লোকক বাচি উলিয়াব লাগিব।তাৰ বাবেই যুৱ মৰ্চা গঠন কৰা হৈছে ৷ অসমত ৪২ লাখ প্ৰাথমিক সদস্য থকাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয় যে বিজেপি দল এটা জন আন্দোলন ৷ সামগ্ৰ্ৰি্ক চিন্তা-চৰ্চাৰে এই দলটি লালিত পালিত হয় ৷ এই দলৰ প্ৰথমে ৰাষ্ট্ৰৰ চিন্তা,তাৰ পিছত দলৰ চিন্তা আৰু শেষতহে ব্যক্তিগত চিন্তা ৷ তেওঁ পুনৰ কয় যে ক’ভিডৰ সময়ত অন্য ৰাজনৈতিক দলসমূহে টিভিত বহি বিভিন্ন আলোচনা-সমালোচনা কৰাত ব্যস্ত আছিল ৷ কিন্ত বিজেপি দল সেই সময়ত আৰ্তজনৰ ওচৰত থিয় দিছিল ৷ বিজেপিৰ অভিধানত অসম্ভৱ শব্দ নাই ৷ সকলো সম্ভৱ ৷ গতিকে বিজেপি অপ্ৰতিৰোধ্য শক্তিক বাধা দিয়াৰ কাৰো শক্তি নাই বুলি সাংসদ শইকীয়াই উল্লেখ কৰে ৷ জিলা সমিতিৰ সভাপতি মানস প্ৰতীম দাসৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত ভাষণ প্ৰদান কৰি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই বয়সে ডেকা-বুঢ়াৰ প্ৰমাণ নকৰে বুলি উল্লেখ কৰি মনটোইহে ডেকা-বুঢ়াৰ প্ৰমাণ কৰে বুলি দোহাৰে ৷ তেওঁঁ দলৰ হৈ সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায় ৷ ভাষণত তেওঁ যোগাসনৰ জৰিয়তে মানুহে এটা নতুন জীৱন লাভ কৰিব পাৰে বুলিও দোহাৰে ৷ সভাত প্ৰভাৰী জয়ন্ত শইকীয়া, জনতা যুৱ মৰ্চাৰ মূগেন শৰণীয়া, ৰঞ্জন দাস, নৱ মহন্ত, অঞ্জন ডেকা, নৱ পাটোৱাৰী, অমৰ ডেকা , জিএমডিএৰ মুকুতা ডেকা প্ৰমুখ্যে কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকি সভাত দিয়া ভাষণত আগন্তুক নিৰ্বাচনত যুৱশক্তিক একত্ৰিতভাৱে দলৰ কাম কৰাৰ  বাবে আহ্বান জনায়।সভাত বাৰটা মণ্ডলৰ নিৰ্বাচিত সদস্য -সদস্যাসকলে অংশগ্ৰহণ কৰে ৷ সভাৰ পূৰ্বে এটি দুৰ্গা বন্দনা পৰিৱেশন কৰা হয় ৷ ইয়াৰ পূৰ্বে পতাকা উত্তোলন কৰে সভাপতি মানস প্ৰতীম দাসে ৷
 

Your Comments