ৰহা-ৰণথলি চিকিৎসালয়ত চিকিৎসকৰ অভাৱত হাৰাশাস্তি ৰাইজৰ

ৰহা-ৰণথলি চিকিৎসালয়ত চিকিৎসকৰ অভাৱত হাৰাশাস্তি ৰাইজৰ

ৰাজ্যৰ স্বাস্থ্য খণ্ডত বিভিন্ন আঁচনিৰে অসমৰ জনসাধাৰণৰ মাজত ব্যাপক পৰিৱৰ্তনৰ চমক দিয়াৰ সময়তে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চিকিৎসকৰ অভাৱ ৷ ইয়াৰ এক উদাহৰণ হ’ল নগাঁও জিলাৰ ৰহা ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰহা নগৰৰ মাজমজিয়াত অৱস্থিত ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ আৰু ৰণথলি সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ ৰহাৰ সাধাৰণ ৰাইজ ৷

উল্লেখ্য, ৰহাৰ মাজমজিয়াত অৱস্থিত ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ আৰু ৰণথলী টোলগেটৰ সমীপত থকা ৰণথলি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ ৰহাৰ সৰাগাঁও, দীঘলদৰি, আমচৈ, বগৰিগুৰি, গছপাৰা, হাতবৰ, চহৰী আদিৰ সৰ্বসাধাৰণ ৰাইজ চিকিৎসাৰ বাবে আহে যদিও চিকিৎসকৰ পদ থকাৰ পাছতো চিকিৎসক উপস্থিত নথকাৰ বাবে বিনা চিকিৎসাই উভতি যাবলৈ বাধ্য হয় ৷

প্ৰাপ্ত তথ্যমতে, ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত ৩জন চিকিৎসক নিযুক্ত আছিল যদিও জনৈক আলম নামৰ এজন চিকিৎসকে অকলে চলাবলগীয়া হৈছে চিকিৎসালয়খন ৷ খবৰ মতে, এগৰাকী মহিলা চিকিৎসকে প্ৰসূতিজনিত ছুটী লোৱাৰ বিপৰীতে আন দুজন চিকিৎসক থাকিব লাগে যদিও ইয়াৰে জনৈক গোস্বামী নামৰ আয়ুৰ্বেদিক চিকিৎসকজনক ৰহাৰ লগতে জখলাবন্ধাত সংলগ্ন কৰি থোৱা বুলি জানিব পৰা গৈছে ৷

যাৰবাবে দুটা দিন ৰহাত থাকি সপ্তাহটোৰ আনকেইটা দিন জখলাবন্ধাত সেৱা আগবঢ়াইছে তেওঁ ৷ ফলত ৰহা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰটোত এজন চিকিৎসকে অকলে সেৱা আগবঢ়াবলগীয়া হয় আৰু কোনোবা দিনা তেওঁ ছুটী ল’বলগীয়া হ’লেই স্বাস্থ্য কেন্দ্ৰটোত সৃষ্টি হয় হাহাকাৰ পৰিবেশৰ ৷ আনহাতে, ৰণথলি সামূহিক স্বাস্থ্য কেন্দ্ৰটিও চলিছে একেদৰেই ৷

জানিব পৰা মতে, ৰণথলি সামূহিক স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী উপ-অধীক্ষক (চিকিৎসক)কে ধৰি মুঠ ৫জন চিকিৎসক থাকি চিকিৎসা সেৱা আগবঢ়াব লাগে যদিও বৰ্তমান আটাইকেইজন চিকিৎসক নথকাত নিশাৰ ভাগত জোৰা-টাপলি মাৰি চিকিৎসা সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছে যদিও বেছিভাগ সময়তে চিকিৎসকক নাপায় ৰোগীয়ে ৷

সেয়ে দুয়োটা স্বাস্থ্য কেন্দ্ৰতে চিকিৎসক নিযুক্তি দি চিকিৎসা সেৱা আগবঢ়াবলৈ সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Your Comments