কি কি নিয়ম মানি ২ নৱেম্বৰৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠান মুকলি হ'ব,পঢ়ি জানি লওক

Dr.Himanta Biswa Sarma

*কোচিং চেণ্টাৰসমূহেও পালন কৰিব লাগিব এইসমূহ নিয়ম*


ক'ৰ'না পৰিস্থিতিৰ মাজতে অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান।ক'ভিড প্ৰট'ক'ল মানি চলি চৰকাৰে সুদীৰ্ঘ ৮ মাহৰ পিছত মুকলি কৰিব  বিদ্যালয়-মহাবিদ্যালয়সমূহ।এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজ্য শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

কাৰিকৰী শিক্ষাৰ পলিটেকনিক,ইঞ্জিনীয়াৰিং প্ৰতিষ্ঠানসমূহত আৰম্ভ হ'ব নিয়মীয়া পাঠদান।
কিন্তু হোষ্টেলসমূহ ১ ডিচেম্বৰৰ পৰাহে কৰিব পাৰিব মুকলি।নিয়মীয়া পাঠদান আৰম্ভ হ'লেও অনলাইন শিক্ষা ব্যৱস্থা বাহাল থাকিব।শনিবাৰে জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত মন্ত্ৰী ড: শৰ্মাই কয়।

মহাবিদ্যালয়সমূহতো আৰম্ভ হ'ব নিয়মীয়া পাঠদান।অৱশ্যে ক'ভিড প্ৰট'কল মানি এটা শ্রেণীকোঠাত সৰ্বাধিক ২৫ জন ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব পাৰিব।একেদৰে সপ্তাহত সোম আৰু বৃহস্পতিবাৰে দুটা দিন স্নাতক প্ৰথম ষাণ্মাসিকৰ পাঠদান হ'ব।মঙল,বুধ আৰু শুকুৰবাৰে তৃতীয় ষাণ্মাসিক আৰু মঙল,বুধ, শুকুৰ,শনিবাৰে স্নাতক পঞ্চম ষাণ্মাসিকৰ পাঠদান কৰিব পাৰিব।হোষ্টেলসমূহ বন্ধ থাকিব।উক্ত সময়ছোৱাত কোনো ছাত্ৰ- ছাত্ৰীয়ে নিজৰ ঘৰৰ ওচৰৰ মহাবিদ্যালয়ত ক্লাছ কৰিবলৈ বিচাৰিলে,অস্থায়ীভাৱে এমাহ কৰিব পাৰিব।মন্ত্ৰী ড: শৰ্মাই কয়।

ইফালে প্ৰথম মানৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয়সমূহৰ শ্রেণী বন্ধ  থাকিব।অৱশ্যে মধ্যাহ্ন ভোজন আনিবলৈ বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ-ছাত্ৰী।ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহেও এই নিয়ম পালন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"ষষ্ঠ শ্রেণীৰ পৰা সকলো বিদ্যালয়ত পাঠদান আৰম্ভ হ'ব।প্ৰতিদিনে দুটা ভাগত বিভক্ত কৰি শ্রেণীসমূহ আৰম্ভ কৰিব।পুৱা ৮.৩০ বজাৰপৰা দুপৰীয়া ১২.৩০লৈ আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা আবেলি ৪.৩০লৈ।৫০% ছাত্ৰ-ছাত্ৰীক শ্রেণীলৈ মাতিব লাগিব।ছাত্ৰ-ছাত্ৰী শ্রেণীত উপস্থিত থকাটো বাধ্যতামূলক নহ'ব।"

গুৰুত্বপূৰ্ণ যে আগন্তক বর্ষত কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাসমূহে অনুষ্ঠিত হ'ব।অন্য শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা অনুষ্ঠিত নহ'ব।পূৰ্ব ছিলেবাছ হ্ৰাস পাব।

বিদ্যালয়সমূহৰ পৰা ইতিমধ্যে ক'ভিড কেয়াৰ চেণ্টাৰসমূহ প্ৰত্যাহাৰ কৰা হৈছে।ব্যক্তিগত খণ্ডৰ বিদ্যালয়, টিউচন, কোচিং চেণ্টাৰসমূহে এইসমূহ নিয়ম পালন কৰাটো বাধ্যতামূলক।

প্ৰথম মানৰ পৰা পঞ্চম শ্রেণীলৈ ক্লাছসমূহ মুকলি কৰাৰ সন্দৰ্ভত অহা ডিচেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে।ছেনিটাইজ ব্যৱস্থা চলি থাকিব বিদ্যালয়ত।মন্ত্ৰী শৰ্মাই কয়।

তাৎপৰ্যপূৰ্ণ যে বিশ্ববিদ্যালয়সমূহ মুকলি কৰাক লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা নাই কোনো নিৰ্দেশনা।বিশ্ববিদ্যালয়সমূহে কেতিয়াৰে পৰা,কি কি নিয়ম মানি বিশ্ববিদ্যালয় মুকলি কৰিব,সেয়া তেওঁলোকে নিজে সিদ্ধান্ত ল'ব।

Your Comments