ভাৰতীয় সেনাৰ অস্ত্ৰ ভাণ্ডাৰত শীঘ্ৰে সংযুক্ত হ'ব হাইপাৰছ'নিক ক্ৰুজ মিছাইল

Hypersonic Missile

প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বৰ্তমান পিছ পৰি থকা নাই ভাৰত।বিশ্বৰ দ্ৰুতবেগী মিছাইল, ভাৰতবৰ্ষৰ ব্ৰাহ্মছতকৈও বেগী ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত হাইপাৰছ'নিক ক্ৰুজ মিছাইলৰো অধিকাৰী হোৱাৰ পথত বৰ্তমান ভাৰতবৰ্ষ ৷ 

উল্লেখযোগ্য যে এই হাইপাৰছনিক ক্ৰুজ মিছাইলৰ গতিবেগ শব্দতকৈও বেছি,ছেকেণ্ডত ৩০০মিটাৰ ৷ এই মিছাইল ভূপৃষ্ঠৰ পৰা কম উচ্চতাৰে গতি কৰি লক্ষ্যস্থলত আঘাত কৰিব পৰা ক্ষমতাসম্পন্ন ৷

Hypersonic

প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী ডঃ জি সতীশ ৰেড্ডীয়ে ১৪ অক্টোবৰ তাৰিখে প্ৰকাশ কৰা অনুসৰি অহা চাৰিৰপৰা পাঁচ বছৰৰ ভিতৰত ভাৰতে হাইপাৰছ’নিক ক্ৰুজ মিছাইল লাভ কৰিবলৈ সক্ষম হ’ব।

আমেৰিকা, ৰাছিয়া, চীন বৰ্তমান হাইপাৰছ'নিক ক্ৰুজ মিছাইলৰ অধিকাৰী।

Your Comments