সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদশ বাৰ্ষিক বামুন্দী অধিৱেশনৰ বাবে ৰাজহুৱা সভা সম্পন্ন:অভ্যৰ্থনা সমিতি গঠন 

Aasu

মৃণাল ডেকা,শুৱালকুছি,১৬ অক্টোবৰ:

সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ আগন্তুক ষষ্ঠদশ বামুন্দী অধিৱেশনৰ বাবে অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে শুকুৰবাৰে বামুন্দী হাইস্কুলত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । বামুন্দী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক  সূৰ্য্যকান্ত কলিতাৰ  সভাপতিত্বত অনুষ্ঠিত সভাত 'আছু'ৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস উপস্থিত থাকি কয় যে অসমৰ ৰাইজ বৰ্তমান দুদূল্যমান অৱস্থাত জীয়াই আছে।
ক'ৰ’না মহামাৰী আৰু জাতিৰ জটিল সন্ধিক্ষণত বিভিন্ন প্ৰত্যাহ্বান নেওচি কামৰূপ জিলা ছাত্ৰ সন্থাৰ অধিৱেশন ৪ নৱেম্বৰত বামুন্দীত অনুষ্ঠিত হ’ব। সেয়েহে এই অধিৱেশনখনি শৃংখলাখলাবদ্ধভাৱে সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ বামুন্দী অঞ্চলৰ ৰাইজক  আহ্বান জনায়৷ৰাজহুৱা সভাত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই অধিৱেশনখন সকলো স্তৰতে সাফল্যমণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া,সদস্য তথা সমূহ বামুন্দীবাসী ৰাইজৰ দিহা-পৰামৰ্শ,সহায়-সহযোগিতা কামনা কৰে৷

Aasu

ৰাজহুৱা সভাতেই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সমাজকৰ্মী সূৰ্যকান্ত কলিতাক সভাপতি,মাধৱ কলিতাক কাৰ্যকৰী সভাপতি আৰু পংকজ কলিতাক  সাধাৰণ সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতিখন গঠন কৰাৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰে। সভাত আছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস,কামৰূপ জিলা আছুৰ সাধাৰণ সম্পাদক হেমন্ত দাস,উপদেষ্টা নিৰোদ কুমাৰ দাসৰ লগতে জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ কেইবাগৰাকীও ছাত্ৰ নেতা উপস্থিত থাকে।

Your Comments