নলবাৰী জিলা ছাত্ৰ সন্থাৰ কৃতী বিদ্যাৰ্থীৰ বিশেষ অভিনন্দন কাৰ্যসূচী

Student

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:


সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান বৃহস্পতিবাৰৰ পৰা এসপ্তাহযোৰা কাৰ্যসূচীৰে ২০২০ চনত হাইস্কুল,হাইমাদ্ৰাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃতীমান ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰিছে।

Student

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক জিলা ছাত্ৰ সন্থাই এইবেলি ক'ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ঘৰে-ঘৰে গৈ অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰে  সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক ,সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদৰ নেতৃত্বত যোৱা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে প্ৰথমে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত বাণিজ্য শাখাৰ পৰা অষ্টম স্থান লাভ কৰা প্ৰীতি জৈন আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰা নমস্যা ডেকাক অভিনন্দন জনায়।লগতে নলবাৰী চহৰৰ কেইবাগৰাকীও কৃতীমানক অভিনন্দন জনাই উৎসাহিত কৰে।

Pic

উল্লেখ্য যে এইবেলি জিলা ছাত্ৰ সন্থাই বিগত হাইস্কুল , হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা কৃতীমানসকলক সপ্তাহযোৰা কাৰ্যসূচীৰে অভিনন্দন জনাব।অভিনন্দন কাৰ্যসূচীত অংশগ্ৰহন কৰে জিলা ছাত্ৰ সন্থাৰ সহ : সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত , নিৰুজউদ্দিন আহমেদ,ক্ৰীড়া সম্পাদক কংকন কলিতা,সাহিত্য সম্পাদক গৌতম বেজবৰুৱা, কাৰ্যনিৰ্বাহক হীৰক জ্যোতি শৰ্মা,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন , সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকাৰ লগতে ভালেসংখ্যক ছাত্ৰকৰ্মীয়ে।

Your Comments