শিৱসাগৰত দুৰ্গা পূজা উদযাপন সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ত সভা

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

অতিমাৰী ক'ভিড-১৯ ৰোগৰ গণ-সংক্ৰমণ ৰোধৰ লক্ষ্যৰে আগন্তুক দুৰ্গা পূজা উদযাপন সন্দৰ্ভত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যেৰে যোৱা ১৩ অক্টোবৰ তাৰিখে শিৱসাগৰৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়।

জিলাখনৰ পূজা সমিতিসমূহৰ সৈতে হোৱা এই সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপনৰ সময়ত ক'ভিড-১৯ ৰোগৰ গণ-সংক্ৰমন ৰোধৰ বাবে চৰকাৰ আৰু স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায়।তেওঁ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দুৰ্গা পূজা উৎসৱটি যথাসম্ভৱ সীমিত পৰ্য্যায়ত আয়োজন কৰাৰ পোষকতা কৰে। অতিৰিক্ত উপায়ুক্ত দাসে এইবাৰ দুৰ্গা পূজা আয়োজনৰ ক্ষেত্ৰত অত্যাধিক জাকজমকতা পৰিহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ অস্থায়ীভাৱে নিৰ্মাণ কৰা পেণ্ডেলসমূহ যথাসম্ভৱ সৰু কৰিবলৈ কয়।প্ৰতিমাৰ উচ্চতা ৫ ফুটতকৈ অধিক হ'ব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে।পূজাৰ মণ্ডপসমূহ সন্ধিয়া ৮ বজাৰ লগে লগে দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰিবলৈ কয়।পূজা সমিতিৰ বিষয়ববীয়া,পুৰোহিত, স্বেচ্ছাসেৱী-সকলোৰে পূজা আৰম্ভ হোৱাৰ সাত দিনৰ ভিতৰতে ক'ভিড-১৯ পৰীক্ষা কৰাটো বাধ্যতামূলক বুলিও তেওঁ সদৰি কৰে। দৰ্শনাৰ্থী সকল মণ্ডপত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোকৰ থাৰ্মেল স্কেনিং কৰাটো বাধ্যতামূলক বুলিও তেওঁ জানিবলৈ দিয়ে। লগতে,পূজা মণ্ডপত অহা ভক্তসকলৰ বাবে হাত ধোৱাৰ তথা ছেনিটাইজাৰৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে তেওঁলোকে মাস্ক পিন্ধা তথা সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে।পূজা মণ্ডপৰ সমীপত কোনো ধৰণৰ মেলা আয়োজন কৰা, চাট হাউচ, খাদ্যৰ বিপনী বা অস্থায়ী দোকান খুলিব নোৱাৰিব বুলি সদৰি কৰে। নিশা ৮ বজাৰ পিছত মাইক বজাব নোৱাৰিব বুলিও তেওঁ কয়। লগতে তেওঁ উল্লেখ কৰে যে বিসৰ্জনৰ সময়ত কোনো সমদল উলিয়াব নোৱাৰিব আৰু ৫ জনতকৈ অধিক লোক প্ৰতিমা বিসৰ্জনৰ বাবে আহিবলৈ নোৱাৰিব। বিসৰ্জনৰ বাবে প্ৰতিটো পূজা সমিতিয়ে সৰ্বাধিক দুখনহে বাহন ব্যৱহাৰ কৰিব পাৰিব বুলিও উপায়ুক্তই জনায়। তেওঁ আৰু কয় যে পূজা মণ্ডপত চি চি টি ভি (CCTV) লগাব লাগিব। পূজা মণ্ডপত জেনেৰেটৰ তথা অগ্নি নিৰ্বাপক সামগ্ৰী ৰাখিব লাগিব। মণ্ডপৰ চাৰিওফালে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব। পূজা সমিতি আৰু প্ৰশাসনৰ দৰকাৰী ফোন নম্বৰসমূহ পূজা মণ্ডপৰ কাষত সকলোৱে চাব পৰাকৈ আঁঁৰি থব লাগিব। 

সভাত পূজা সমিতিৰ বিষয়ববীয়াসকলে  জিলা প্ৰশাসনৰ নিৰ্দেশনাসমূহ পালন কৰাৰ আশ্বাস প্ৰদান কৰে। 

বৈঠকত অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাই দৰ্শনাৰ্থীৰ মাজত সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত স্বেচ্ছাসেৱীসকলে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কয়। মণ্ডপৰ কাষত কোনো যান-বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা নাৰাখিবলৈও তেওঁ পূজা সমিতিসমূহক আহ্বান জনায়। পূজা মণ্ডপৰ সুৰক্ষাৰ বাবে নিশাও স্বেচ্ছাসেৱী মজুত ৰাখিব লাগিব বুলি তেওঁ জনায়। শান্তি-শৃংখলা ৰক্ষাৰ বাবে অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ যৌথ অভিযান চলোৱা হ'ব বুলিও জানিবলৈ দিয়ে। পূজা মণ্ডপৰ আশে পাশে কোনো সন্দেহজনক বস্তু দেখা পালে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ কয়।
 
বৈঠকত শিৱসাগৰৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি ৰাজবংশীয়ে পূজা মণ্ডপসমূহ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি ৰাখিব লাগিবলৈ কোৱাৰ লগতে আৱৰ্জনাসমূহৰ বাবে নিৰ্দিষ্ট ডাষ্টবিনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে ক'ভিড-১৯ টেষ্টৰ বাবে পূজা সমিতিসমূহক আগতীয়াকৈ নাম, লিংগ, বয়সসহ লোকসকলৰ তালিকা স্বাস্থ্য বিভাগৰ ডাঃ হেমন্ত বৰুৱালৈ পঠিয়াবলৈ আহ্বান জনায়। তেওঁ ক'ভিড-১৯ সন্দৰ্ভত ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থাসমূহৰ পূজা মণ্ডপৰ কাষত বেনাৰ বা হোৰ্ডিং লগাবলৈ কোৱাৰ লগতে পূজা মণ্ডপ আৰু তাৰ চাৰিওকাষে ধঁপাত নিষিদ্ধ এলেকা বুলি ঘোষণা কৰিবলৈও কয়।পূজা মণ্ডপসমূহ নিয়মীয়াভাৱে ছেনিটাইজ কৰিবলৈও কয়।

সভাত স্বাস্থ্য বিভাগৰ ডাঃ হেমন্ত বৰুৱাৰ লগতে জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিত দত্ত উপস্থিত থাকে।

Your Comments