কিশোৰী নিৰুদ্দেশ

কিশোৰী নিৰুদ্দেশ

গড়মূৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাকলা কৈৱৰ্ত গাঁও নিবাসী ভাইটি দাস আৰু চাৰুমাই দাসৰ কন্যা অকমাণি দাস (১৫) নামৰ কিৰোশীগৰাকী যোৱা ১ ছেপ্টেম্বৰৰ আবেলি প্ৰায় চাৰি বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিছত বৰ্তমানলৈকে উভতি অহা নাই ।

জনামতে শ্ৰীলোহিত গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰতিপাৰ কৈৱৰ্ত গাঁৱৰ ৰাণু দাস (৩৩) নামৰ মহিলাগৰাকীয়ে তেওঁলোকৰ আত্মীয়ৰ ঘৰলৈ বুলি অকমাণি দাসক ঘৰৰ পৰা লগত লৈ যায় ।

বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও আজি চাৰিটা দিনলৈ ৰাণু দাসসহ অকমাণিৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে ।

মহিলাগৰাকীয়ে বিভিন্ন সময়ত অসৎ পন্থাৰ উদ্দেশ্যে বহু যুৱতী তথা মহিলাক মাজুলীৰ পৰা ৰাজস্থান, দিল্লী, বাংগালোৰ আদি বিভিন্ন ঠাইলৈ সৰবৰাহ কৰাৰ দৰে অপৰাধজনিত কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ।

অভিযুক্ত মহিলাগৰাকী তথা পৰিয়ালৰ লোকৰ ওপৰত ভালকৈ তদন্ত কৰিলে সকলো কথা পোহৰলৈ আহিব বুলি স্হানীয় ৰাইজে দাবী কৰিছে । অপহৃত কিশোৰীগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী ।

Your Comments