পঞ্চভূতত বিলীন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱান

Rambilas Paswan

পাটনাৰ দীঘা ঘাটত শনিবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় এলজেপি প্ৰমুখ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ।পুত্ৰ চিৰাগ পাছোৱানে পিতৃৰ মুখাগ্নি কৰে।সেই সময়তে চিৰাগ শোকবিহ্বল হৈ মাটিত পৰি যায়।ওচৰতে থকা লোকসকলে চিৰাগক শান্ত্বনা দি কিছু সুস্থিৰ কৰে।

Chirag Paswan

পাছোৱানৰ অন্ত্যেষ্টিক্ৰিয়াত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ,আৰজেডি নেতা তেজস্বী যাদৱ,কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আদি উপস্থিত থাকে।উপস্থিত থাকে পাছোৱানৰ সহস্ৰাধিক গুণমুগ্ধও।

Your Comments