জেংৰাইমুখত বীৰ লাচিত সেনাৰ স্বচ্ছ অভিযান

জেংৰাইমুখত বীৰ লাচিত সেনাৰ স্বচ্ছ অভিযান

বীৰ লাচিত সেনাৰ মাজুলী জিলা সমিতিৰ উদ্যোগত আজি মাজুলীৰ জেংৰাইমুখত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ সদস্যসকলে ।

প্ৰায় শতাধিক সদস্যই পুৱা হাতে হাতে ঝাড়ু, কোৰ, ঠেলা, দা লৈ জেংৰাইমুখ তিনিআলি টাউনৰ চৌহদ, বিভিন্ন চুকে-কোণে থকা গেলা জাবৰ-জোঁথৰ, বিভিন্ন আৱৰ্জনা আদি নিৰ্দিষ্ট দূৰত্বলৈ নি পেলাই দিয়ে ৷

জেংৰাইমুখত বীৰ লাচিত সেনাৰ স্বচ্ছ অভিযান

লগতে জেংৰাইমুখ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্র, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জেংৰাইমুখ মহাবিদ্যালয়, জেংৰাই গাঁওপঞ্চায়ত কাৰ্যালয়, জেংৰাই-হালধিবাৰী ৰোড, গড়মূৰ-জেংৰাই গড়কাপ্তানী পথ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিভিন্ন পথত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইয়াৰ পিছত স্বচ্ছতা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰি সকলো ব্যৱসায়ীকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠাৰ চৌহদ তথা সমগ্ৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায় সংগঠনটোৰ সভাপতি বিনোদ দলেই ।

এই অনুষ্ঠানতে চেলুনৰ জৰিয়তে আৰ্থ-সামাজিক আন্দোলন আৰম্ভ কৰা জেংৰাইমুখৰ ৰিতুৰাজ পেগুক বীৰ লাচিত সেনাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । বীৰ লাচিত সেনাৰ মাজুলী জিলা সমিতিৰ সভাপতি বিনোদ দলে আৰু সম্পাদক জনতা নৰহ, উপ-সভাপতি থানুকৃষ্ণ বৰা আদিৰ নেতৃত্বত ৰূপায়ণ হোৱা এই কাৰ্যসূচীত সহযোগ কৰে জেংৰাই আঞ্চলিক সমিতিয়ে ।
 

Your Comments