আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ সুৰেশ ৰাইনাৰ

Dhoni-Raina

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত দেশৰ ক্ৰিকেটপ্ৰেমীৰ বাবে আৰু এটা দু:খবৰ।আজি এম এছ ধোনীৰ পিছতে বাওঁহতীয়া বেটছমেন সুৰেশ ৰাইনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা  অৱসৰৰ কথা ঘোষণা কৰিছে।২০০৫ চনৰ ৩০ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে খেলি এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ জাতীয় দলত অভিষেক ঘটাইছিল ৰাইনাই।৩৩ বছৰীয়া ৰাইনাই দেশৰ হৈ ১৯ খন টেষ্টত অংশগ্ৰহণ কৰি গড়ে ২৬.১৮ৰে ৭৬৮ ৰাণ সংগ্ৰহ কৰিছে।২২৬খন এদিনীয়াত অংশগ্ৰহণ কৰি গড়ে ৩৫.৩১ৰে ৫৬১৫ ৰাণ সংগ্ৰহ কৰিছে।য'ত আছে ৫টা শতক আৰু ৩৬টা অৰ্ধ শতক।ইয়াৰ উপৰিও ৭৮খন টী২০ত অংশগ্ৰহণ কৰি গড়ে ২৯.১৮ ৰে সংগ্ৰহ কৰিছে ১০৬৫ ৰাণ।য'ত আছে এটা শতক আৰু ৫ টা অৰ্ধশতক।তিনিটা ফৰ্মেটত ৰাইনাই মুঠ ৬২টা উইকেটো লাভ কৰিছিল।

তাৎপৰ্যপূৰ্ণ যে ভাৰতীয় ক্ৰিকেট দলত মহেন্দ্ৰ সিং ধোনী আৰু সুৰেশ ৰাইনাৰ যুটীয়ে বহুসময়ত দেশক জয়ৰ সোৱাদ দিছিল।

Your Comments