সুদীৰ্ঘ ৫ বছৰৰ পিছত অপহৰণ-কাণ্ডৰ মাষ্টৰ মাইণ্ড আনোৱাৰ শ্বেখক গ্ৰেপ্তাৰ

Culprit

গোলাঘাটৰ  প্ৰতিবেদক: 

২০১৫ চনত গোলাঘাটৰ এটা অপহৰণৰ লগত জড়িত মাষ্টাৰ মাইণ্ড আনোৱাৰ শ্বেখ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে।গোলাঘাট বেঙেনাখোৱাৰ কাঠৰ ব্যৱসায় কৰা জনাৰ্দন মণ্ডল নামৰ এজন যুৱকক মণিপুৰলৈ গৈ থকাৰ অৱস্থাত ডিমাপুৰৰ পৰা অপহৰণ কৰিছিল চাৰি -পাঁচজনীয়া এটা অপহৰণকাৰীৰ দলে।পিছত উক্ত দলটোৱে জনাৰ্দন মণ্ডলক মুক্তিৰ বাবদ ১ কোটি টকা দাবী কৰিছিল।আৰক্ষীয়ে ছদ্মবেশত দাবী ধন দিবলৈ যাওঁঁতেই ধৰা পাৰিছিল দলটোৰ একাংশ সদস্য।ইয়াৰ পিছতেই জনাৰ্দন মণ্ডলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষীয়ে।এই অপহৰণ কাণ্ডৰ ব্লু প্ৰিন্ট ৰচনা কৰা মাষ্টাৰ মাইণ্ড আনাৰ শ্বেখ পলাই ফুৰিছিল বিগত কেইবাবছৰ ধৰি। অৱশেষত গোলাঘাটত আৰক্ষীয়ে খটখটিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপহৰণৰ মাষ্টাৰ মাইণ্ড আনোৱাৰ শ্বেখক।

Your Comments