"গুৱাহাটীৰ বাহিৰে অন্য জিলাত লকডাউনৰ সিদ্ধান্ত লোৱা নাই"-ড:হিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

*গুৱাহাটীত পৰৱৰ্ত্তী সাত দিন গ্ৰ'ছাৰী আৰু শাক-পাচলিৰ দোকান খোলাৰ ব্যৱস্থা কৰা হ'ব-মন্ত্ৰী ডঃশৰ্মা*

"গুৱাহাটীৰ বাহিৰে ৰাজ্যৰ অন্য জিলাত লকডাউন কৰাৰ সিদ্ধান্ত লোৱা নাই চৰকাৰে।যদি ক'ৰবাত প্ৰয়োজন হয় তেন্তে তাক বিবেচনা কৰা হ'ব"-এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।

এসপ্তাহ গুৱাহাটীত কঠোৰ লকডাউনৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰো ইংগিত প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।

"লকডাউন কঠোৰ কৰা মানে এইটো নহয় যে ৰাইজৰ লগত কঠোৰ হোৱা।লকডাউন যাতে সফল কৰিব পাৰি।গুৱাহাটীৰ গণ সংক্ৰমণ যাতে ৰখাব পাৰো"-মন্ত্ৰী শৰ্মাই কয়।

গুৱাহাটী পৰিৱেশ অধিক জটিল হ'বলৈ গৈ আছে।গতিকে এই দিনকেইটা অধিক সাৱধানে থাকিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-"লকডাউনৰ পৰৱৰ্তী সাত দিনত গ্ৰছাৰী আৰু শাক-পাচলিৰ দোকান খুলি দিয়া হ'ব।গতিকে,এই সাতদিন ৰাইজ-চৰকাৰ সকলোৱে মিলি কঠোৰভাৱে লকডাউন পালন কৰিব লাগে"।আগন্তক দুটা মাহ অসমৰ বাবে অধিক জটিল হোৱাৰো আশংকা কৰে মন্ত্ৰীগৰাকীয়ে।

গুৱাহাটীত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰা কভি'ড টেষ্ট চেন্টাৰত ৰাইজক ইচ্ছা অনুসৰি পৰীক্ষা কৰাৰ বাবে আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী শৰ্মাই।উল্লেখ যে গুৱাহাটীত ৱাৰ্ডসমূহত ৩১টা আৰু ১২ খন চিকিৎসালয়ত ৰাইজৰ বাবে মুকলি আছে টেষ্ট চেণ্টাৰসমূহ।

Your Comments