নলবাৰীৰ চটাইবাৰীত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

নলবাৰী

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ সদৰ বিধানসভা সমষ্টি নলবাৰীৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত চটাইবাৰীত পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে।দেওবাৰে বিয়লি বিৰোধী দলৰ দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই উক্ত অঞ্চল  পৰিদৰ্শন কৰে।বিৰোধী দলৰ দলপতিগৰাকীয়ে চটাইবাৰী পঞ্চায়তৰ অন্তৰ্গত বানৰ কৱলত পৰা অঞ্চলসমূহত বানৰ ফলত হোৱা খহনীয়াৰ লগতে ধমধমা-ৰঙিয়া গড়কাপ্তানি পথটোৰ বানে ছিঙি পেলোৱা অংশ পৰিদৰ্শন কৰে।ইয়াৰ মাজতে এই বান তথা গড়াখহনীয়াৰ কৱলত পৰা স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয় আৰু এই বিষয়টো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেওঁৰ ফালৰ পৰা সঠিকভাৱে উত্থাপন কৰিব বুলি সম্পূৰ্ণ আশ্বাস দিয়ে।ইয়াৰ পিছতে বিৰোধী দলৰ দলপতিগৰাকীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থানপ্ৰাপ্ত ধমধমা গাঁৱৰ মিছ মোমিনা আখটাৰৰ ঘৰত উপস্থিত হৈ কৃতী ছাত্ৰীগৰাকীক অভিনন্দন জনায়।

নলবাৰী

পৰিদৰ্শনকালত বিৰোধী দলৰ দলপতি শইকীয়াক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা নলবাৰী বিধানসভা সমষ্টিৰ যুৱনেতা প্ৰদ্যুৎ ভূঞা,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল পাটোৱাৰী,নলবাৰী জিলা কংগ্ৰেছৰ সম্পাদক দিব্যজ্যোতি হালৈ,ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতা,নলবাৰী জিলা ইয়ং ব্ৰিগেডৰ সম্পাদক নিতুল বৈশ্যৰ লগতে কেইবাজনো যুৱ কংগ্ৰেছী,ইয়ং ব্ৰিগেডৰ সদস্য তথা দলীয় কৰ্মীয়ে।ইয়াৰ পূৰ্বে শইকীয়া আৰু ভূঞাই নলবাৰী সমষ্টিৰ অন্তৰ্গত দতৰা গাঁও পঞ্চায়তৰ কঠোৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ৰমেশ পাটোৱাৰীৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Your Comments