কামৰূপ(মহানগৰ)জিলাত ১৪ দিনৰ কঠোৰ লকডাউন আৰম্ভ

Lockdown

ক'ৰ'না ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউন বলৱৎ হ'ল কামৰূপ(ম) জিলাত।সন্ধিয়া ৭ বজাৰ লগে লগে ১৪ দিনৰ বাবে স্তব্ধ হৈ পৰিল গুৱাহাটীৰ জনজীৱন।পূর্বৰ ঘোষণা অনুসৰি অতি কঠোৰভাৱে বলৱৎ হৈছে লকডাউন।

লকডাউনৰ সময়ত পূৰ্বৰ দৰে খোলা নাথাকিব ফলমূলৰ দোকান,শাক-পাচলিৰ বিপনী আৰু গ্ৰছাৰী।একমাত্ৰ জৰুৰীকালীন সেৱা,হাস্পতাল-ফাৰ্মাচী,কভি'ড কৰ্তব্য,সংবাদ মাধ্যম,পুলিচ-প্ৰশাসনৰ বাহিৰে সকলো বন্ধ থাকিব কামৰূপ মহানগৰ জিলাত।

প্ৰশাসনৰ নিয়ম অনুসৰি লকডাউনৰ সময়ত গুৱাহাটীলৈ প্ৰৱেশ  বন্ধ থাকিব আৰু ইয়াৰ পৰা ওলাই যাব নোৱাৰিব।

যদি কোনো বিমানযাত্ৰী থাকে,তেওঁলোকে টিকট দেখুৱাই যাব পাৰিব।ৰেলযাত্ৰীৰ বাবেও থাকিব একে ব্যৱস্থা।

ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো বাহনৰ চলাচল বন্ধ থাকিব।কভি'ড পৰীক্ষাৰ  কেন্দ্ৰসমূহ চলি থাকিব।যদি কোনো ব্যক্তিয়ে ক'ভিড পৰীক্ষা কৰিবলৈ বিচাৰে,তেন্তে যাব পাৰিব।প্ৰয়োজনত নিজৰ গাড়ী লৈ গৈ পৰীক্ষা কৰিব পাৰিব।

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া তেল ডিপোসমূহ খোলা থাকিব লকডাউনৰ সময়ত।

সচিবালয়ৰ কাম-কাজ চলি থাকিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পৰ্যায়ৰ কৰ্মচাৰীৰে।

চৰকাৰী-ব্যক্তিগত সকলো কাৰ্যালয়ৰ লগতে বন্ধ থাকিব সকলো ধৰ্মীয় অনুষ্ঠান।

প্ৰথম সাত দিন হ'ব কঠোৰ লকডাউন। পৰ্যালোচনাৰ জড়িয়তে পৰিৱৰ্তী পৰ্যায়ত আহিব শিথিলতা।

আৰক্ষীৰ প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি লকডাউন ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ জড়িয়তে শাস্তিৰ সন্মুখীন হ'ব।হ'ব পাৰে গ্ৰেপ্তাৰ।আৰক্ষীক কঠোৰ ভূমিকা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। প্ৰশাসনে।

Your Comments